
দৰং, ১০ জুলাই (হি.স.)। ছিপাঝাৰত নকল নোটক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি।
নকল নোট ক্ৰয় কৰিবলৈ আহি আৰক্ষী থানাৰ আলহী হল মেঘালয়ৰ দুই যুৱক।
ছিপাঝাৰৰ শিঙিমাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নকল নোট নিবলৈ অহা দুই যুৱকক স্থানীয় ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে।
ঘটনা অনুসৰি স্থানীয় এজন যুৱকে নকল নোট দিয়াৰ প্ৰলোভনৰে উক্ত স্থানলৈ মাটি আনিছিল মেঘালয়ৰ দুই যুৱকক।
পিছে আৰক্ষী উপস্থিত হোৱাৰ ভয় দেখুৱাই নকল নোট নিদিয়াকৈ যুৱক দুজনৰ পৰা বুজন পৰিমাণৰ ধন কাঢ়ি পলাই গৈছিল স্থানীয় যুৱক জনে।
আনকি যুৱকজনে ব্যৱহাৰ কৰা এএছ ০৭ ভি-৪৭২৪ নম্বৰৰ মটৰ চাইকেল খন পেলাই থৈ গৈছিল ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত।
পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মেঘালয়ৰ দুই যুৱকক আটক কৰাৰ লগতে স্থানীয় যুৱকজনৰো সন্ধান আৰম্ভ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা