
ধুবুৰী, ১০ জুলাই (হি.স.)। বিলাসীপাৰা এছবিআই শাখাত লোমহৰ্ষক চুৰি কাণ্ডৰ সৈতে জড়িত দুই দুৰ্ধৰ্ষ চোৰক আটক । চুৰি কাণ্ডৰ চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে চোৰ দুজনক । লক্ষীগঞ্জৰ পৰা আৰক্ষীয়ে আটক কৰা চোৰ দুজন ক্ৰমে ৰাজ বসাক আৰু ৰাছেল হুছেইন । ৰাজ বসাকৰ ঘৰ লক্ষীগঞ্জৰ শুকুলাৰটাৰী আৰু ৰাছেল হুছেইনৰ ঘৰ চোকাপাৰাত বুলি জানিব পৰা গৈছে ।
যোৱা দেওবাৰে নিশা এছবিআই বেংকৰ বিলাসীপাৰা শাখাত সংঘটিত কৰিছিল চুৰি কাণ্ড । বেংকৰ পিছ ফালৰ ভেন্টিলেচন ভাঙি ভিতৰত প্ৰবেশ কৰি বেংকৰ চিচিটিভি কে ধৰি বিভিন্ন সামগ্ৰী ভাঙি লুতপাত কৰিছিল যদিও নগত ধন ল'ব পৰা নাছিল বুলি জানিব পৰা গৈছে ।
উক্ত চুৰি কাণ্ডৰ সৈতে জড়িত আন সদস্য সকলক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ আৰক্ষীক দাবী জনাইছে ৰাইজে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু