পশ্চিমবংগৰ টোলগেটৰ পৰা গোসাঁইগাঁৱত ঘৰত থকা বাহনৰ নামত আহিল টোল টেক্সৰ জাননী
কোকৰাঝাৰ, ১০ জুলাই (হি.স.)। পশ্চিমবংগৰ টোলগেটৰ পৰা গোসাঁইগাঁৱত ঘৰত থকা বাহনৰ নামত আহিল টোল টেক্সৰ জাননী। উক্ত ঘটনাৰ ভুক্তভোগী হৈছে গোসাঁইগাঁও চহৰৰ টিপি পথ নিবাসী শান্তিৰাম ৰায় নামৰ ব্যক্তি গৰাকী। যোৱা ৭ জুলাইৰ সন্ধিয়া ঘৰতে টিভি চাই থকা অৱস্থাত ৰা
পশ্চিমবংগৰ টোলগেটৰ পৰা গোসাঁইগাঁৱত ঘৰত থকা বাহনৰ নামত আহিল টোল টেক্সৰ জাননী


কোকৰাঝাৰ, ১০ জুলাই (হি.স.)। পশ্চিমবংগৰ টোলগেটৰ পৰা গোসাঁইগাঁৱত ঘৰত থকা বাহনৰ নামত আহিল টোল টেক্সৰ জাননী। উক্ত ঘটনাৰ ভুক্তভোগী হৈছে গোসাঁইগাঁও চহৰৰ টিপি পথ নিবাসী শান্তিৰাম ৰায় নামৰ ব্যক্তি গৰাকী। যোৱা ৭ জুলাইৰ সন্ধিয়া ঘৰতে টিভি চাই থকা অৱস্থাত ৰায়ৰ হোৱাটচ এপত এখন শ্লিপ আহে। প্ৰথমতে তেওঁ ধৰিব পৰা নাছিল কোনখন টোলগেটৰ পৰা শ্লিপখন প্ৰেৰণ কৰিছে।

পিছত অনুসন্ধান কৰি গম পোৱা গ'ল সীমান্তৱৰ্তী পশ্চিমবংগৰ কামাখ্যাগুৰি-বাৰবিশাৰ মাজত স্থাপিত গুৱাবাৰী টোলগেটে শ্লিপখন প্ৰেৰণ কৰিছে। শ্লিপখনত লিপিবদ্ধ তথ্য মতে ৰায়ৰ এএছ ১৬জি-০৪৪২ নম্বৰৰ ছুইফট ডিজায়াৰ বাহনখনে ৭ জুলাইৰ নিশা ৭ বাজি ৩৭ মিনিট ৩১ ছেকেণ্ডত টোল গেটখন অতিক্ৰম কৰাৰ বাবদ মুঠ ১১০ টকাৰ ৫৫ টকা কটা যোৱাৰ কথা উল্লেখ আছে।

আশ্বৰ্যকৰ কথাটো হৈছে বিগত এক সপ্তাহৰো অধিক কাল ৰায়ে বাহনখন ঘৰৰ পৰা বাহিৰ উলিওৱাই নাই। তেনেস্থলত কিহৰ ভিত্তিত টোলগেট কৰ্তৃপক্ষই বাহন খনৰ নামত পইচা কাটিলে বুলি ৰায়ে অভিযোগ উত্থাপন কৰিছে। আনহাতে যোগাযোগৰ বাবে শ্লিপ খনত থকা টোল ফ্ৰী নম্বৰটোত একাধিক বাৰ যোগাযোগ কৰিও যোগাযোগ স্থাপন কৰিব নোৱাৰাত বিষয়টো সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ৰায়ে আইনী ব্যৱস্থাৰ শৰণাপন্ন হোৱাৰ কথাও সংবাদ মাধ্যমক অৱগত কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande