
শ্ৰী ভূমি, ১০ জুলাই (হি.স.)।
ড্ৰাগছ বিৰোধী অভিযানত পুনৰ এক উল্লেখযোগ্য সফলতা লাভ কৰিছে শ্ৰী ভূমিৰ ৰাতাবাৰী আৰক্ষীয়ে। গোপন সূত্ৰৰ ভিত্তিত অসম–মিজোৰাম সীমান্তৰ বিৰজাপুৰ অঞ্চলত অভিযান চলাই প্ৰায় ৩০ হেজাৰ য়াবা টেবলেট জব্দ কৰাৰ লগতে তিনিজন অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ তথ্য অনুসৰি, এম জেড-০৮-৭৭৩৮ নম্বৰৰ এখন ৱেগনাৰ গাড়ী আৰু টিআৰ-০৫-এফ-৮৭৩২ নম্বৰৰ এখন স্কুটিৰে মিজোৰামৰ পৰা অসমলৈ য়াবা টেবলেট সৰবৰাহ কৰা হৈছিল।
নিৰ্দিষ্ট তথ্যৰ ভিত্তিত চলোৱা তালাচীত দুয়োখন বাহন জব্দ কৰাৰ লগতে মুঠ ৩০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰা হয়।
উদ্ধাৰ হোৱা নিষিদ্ধ টেবলেট সমূহৰ আনুমানিক বজাৰ মূল্য ৬০ লাখৰ পৰা ৯০ লাখ টকা বুলি আৰক্ষীয়ে প্ৰাথমিকভাৱে অনুমান কৰিছে। উক্ত ঘটনাত মিজোৰামৰ মামিত জিলাৰ ইমানুৱেল (২১), জেমছ (৪১) আৰু ত্ৰিপুৰাৰ ধৰ্মনগৰৰ বাসিন্দা শচীন্দ্ৰ ৰিয়াং (৪১)ক গ্ৰেপ্তাৰ কৰা হৈছে।
ধৃত সকলক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই মাদক সৰবৰাহ চক্ৰৰ সৈতে জড়িত আন লোকৰ সন্ধানত তদন্ত চলি আছে। অভিযানৰ নেতৃত্ব দিয়ে ৰামকৃষ্ণ নগৰৰ চিডিএছপি অংশুল শৰ্মাই। তেওঁৰ সৈতে উপস্থিত আছিল ৰাতাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিত্তৰঞ্জন বৰা, এছআই সুজিত সিনহাকে ধৰি আৰক্ষীৰ এটা বিশেষ দল। অসম–মিজোৰাম সীমান্তত মাদক সৰবৰাহৰ বিৰুদ্ধে চলি থকা ধাৰাবাহিক অভিযানৰ মাজতে এই সফলতাক আৰক্ষীৰ বাবে এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে গণ্য কৰা হৈছে। তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা