শিৱসাগৰত পুনৰ সংঘটিত নাবালিকাক ধৰ্ষণৰ দৰে জঘন্য কাণ্ড
শিৱসাগৰ, ১০ জুলাই (হি.স.)। শিৱসাগৰত পুনৰ সংঘটিত নাবালিকাক ধৰ্ষণৰ দৰে জঘন্য কাণ্ড। ফুচকা ব্যৱসায়ীয়ে ধৰ্ষণ কৰিলে ১২ বছৰীয়া কিশোৰীক। লম্পট ফুচকা ব্যৱসায়ী জনৰ নাম হৰিৰাম ৰায়(৪৮)। ধৰ্ষণৰ কথা নাবালিকা গৰাকীয়ে অভিভাৱক গৰাকীক অৱগত কৰাৰ পিছতে পলায়ন
শিৱসাগৰত পুনৰ সংঘটিত নাবালিকাক ধৰ্ষণৰ দৰে জঘন্য কাণ্ড


শিৱসাগৰ, ১০ জুলাই (হি.স.)। শিৱসাগৰত পুনৰ সংঘটিত নাবালিকাক ধৰ্ষণৰ দৰে জঘন্য কাণ্ড। ফুচকা ব্যৱসায়ীয়ে ধৰ্ষণ কৰিলে ১২ বছৰীয়া কিশোৰীক।

লম্পট ফুচকা ব্যৱসায়ী জনৰ নাম হৰিৰাম ৰায়(৪৮)। ধৰ্ষণৰ কথা নাবালিকা গৰাকীয়ে অভিভাৱক গৰাকীক অৱগত কৰাৰ পিছতে পলায়ন কৰিছিল লম্পট হৰিৰাম ৰায়ে।

তিনিদিন পলাতক অৱস্থাত থকাৰ পিছত বিহাৰী সম্প্ৰদায়ৰ ৰাইজে কৰায়ত্ত কৰে হৰিৰামক। শুকুৰবাৰে নাজিৰাৰ বালিঘাটৰ পৰা কৰায়ত্ত কৰে হৰিৰাম ৰায়ক। উত্তম মাধ্যম সোধাই শিৱসাগৰ সদৰ আৰক্ষীক চমজাই দিয়ে হৰিৰাম ৰায়ক।

বিহাৰৰ সমষ্টিপুৰৰ হৰিৰাম ৰায়ে দীৰ্ঘদিনৰে পৰা শিৱসাগৰত কৰি আছে ফুচকা ব্যৱসায়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande