
কাৰুৰ, ১০ জুলাই (হি.স.)। তামিলনাডুৰ মুখ্যমন্ত্রী তথা তামিলনাডু ভেত্রী কাঝাগাম (টিভিকে)ৰ সভাপতি জোচেফ বিজয়ে শুকুৰবাৰে কাৰুৰত নির্বাচনী প্রচাৰ সমদলৰ সময়ত থেলাহেঁচাৰ ঘটনাত প্রাণ হেৰুওৱা ৩২ জন লোকৰ প্রতিটো পৰিয়ালৰ এজন সদস্যক তেওঁলোকৰ শৈক্ষিক অর্হতাৰ সৈতে মিল থকা চৰকাৰী চাকৰি নিযুক্তি পত্ৰ প্রদান কৰে৷ কাৰুৰৰ এটলাছ খেলপথাৰত অনুষ্ঠিত এই অনুষ্ঠানত বৃহৎ সংখ্যক দলীয় কৰ্মী, মৃতকৰ আত্মীয়, স্থানীয় বাসিন্দা উপস্থিত থাকে।
তিৰুচিৰাপল্লী বিমানবন্দৰৰ পৰা পথেৰে কাৰুৰত উপস্থিত হয় জোচেফ বিজয় । বাটত বিভিন্ন স্থানত দলীয় কৰ্মীয়ে তেওঁক আদৰণি জনায়। নিযুক্তি পত্ৰ বিতৰণ কৰাৰ অন্তত তেওঁ কাৰুৰ হুলস্থুলক তেওঁৰ ৰাজহুৱা জীৱনৰ অন্যতম কৰুণ পৰিঘটনা বুলি অভিহিত কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
ভাষণত বিজয়ে কয় যে কাৰুৰ ঘটনা তেওঁৰ জীৱনৰ আটাইতকৈ গভীৰ ঘা আৰু কেতিয়াও পাহৰিব নোৱাৰে। তেওঁ কয় যে ঘটনাৰ সময়ত একাংশ লোকে তেওঁক সেই স্থান এৰি যোৱাৰ অভিযোগ উত্থাপন কৰিছিল যদিও জনসাধাৰণৰ সুৰক্ষা সদায় তেওঁৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ।
বিজয়ে কয়, মানুহে যিমানেই ওপৰলৈ নাযাওক কিয়, কিছুমান বিষ আৰু কিছুমান ঘা কেতিয়াও পাহৰিব নোৱাৰি । কাৰুৰ কাণ্ডটোৱেই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ কষ্ট আৰু গভীৰ ঘা। তেওঁ লগতে কয়, কিছুমানে কয় যে মই সেই কঠিন সময়ত গুচি আহিলোঁ। যদি মোক সোধা হয় যে ধন বেছি গুৰুত্বপূৰ্ণ নে জনসাধাৰণ, তেন্তে মোৰ উত্তৰ সদায় জনসাধাৰণ হ'ব।
কাৰুৰ আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নমক্কলৰ পৰা কাৰুৰলৈ যাওঁতে আৰক্ষীয়ে কোনো ধৰণৰ পূৰ্ব সতৰ্কবাণী নিদিয়াৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে প্ৰশাসনে যদি সময়মতে প্ৰয়োজনীয় তথ্য প্ৰদান কৰিলেহেঁতেন তেন্তে কাৰ্যসূচী পিছুৱাই বা বাতিল কৰিব পৰা গ’লহেঁতেন, আৰু ট্ৰেজেডীৰ পৰা হাত সাৰিব পৰা গ’লহেঁতেন। তেওঁ কয় যে পেৰামবালুৰৰ পৰা আৰিয়ালুৰলৈ যাওঁতে আৰক্ষীয়ে পূৰ্ব সতৰ্কবাণী প্ৰদান কৰিছিল, যাৰ ফলত কাৰ্যসূচী পিছুৱাই দিয়া হৈছিল যদিও কাৰুৰ গোচৰত এনে নহ’ল।
কাৰুৰ হুলস্থুলৰ নিৰপেক্ষ তদন্তৰ দাবীত তেওঁ কয় যে ভৱিষ্যতে পুনৰাবৃত্তি ৰোধ কৰিবলৈ সমগ্ৰ ঘটনাৰ সত্যতা প্ৰকাশ কৰিব লাগিব।
ইফালে, শুকুৰবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠত মৃতকৰ পৰিয়ালক চৰকাৰী চাকৰি প্ৰদানৰ সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানিও গ্ৰহণ কৰা হয়। লগতে সংশ্লিষ্ট পক্ষক অস্থায়ী চৰকাৰী নিযুক্তি প্ৰদানৰ নিৰ্দেশ দিয়ে আদালতে।
উল্লেখযোগ্য যে ২০২৫ চনৰ ২৭ ছেপ্টেম্বৰত কাৰুৰত টিভিকেৰ উদ্যোগত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত ৪১ জন লোকৰ মৃত্যু হৈছিল। সেই সময়ত দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ইতিমধ্যে তামিলনাডু চৰকাৰৰ পৰা ১০ লাখ টকাকৈ আৰু টিভিকেৰ পৰা ২০ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছিল। এতিয়া ৩২টা পৰিয়ালৰ এজনকৈ সদস্যক চৰকাৰী চাকৰি নিযুক্তি পত্ৰও প্ৰদান কৰা হৈছে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ