তামিলনাডুত ১৭ আগষ্টৰ পৰা ‘এনিৱেৰ ৰেজিষ্ট্ৰেচন’ অনলাইন ব্যৱস্থা ৰূপায়ণ
চেন্নাই, ১০ জুলাই (হি.স.)। তামিলনাডু চৰকাৰে ‘এনিৱেৰ ৰেজিষ্ট্ৰেচন’ অনলাইন ব্যৱস্থা ৰূপায়ণ কৰি ৰাজ্যখনৰ সম্পত্তিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ডিজিটেলাইজ কৰাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৬ চনৰ ১৭ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এই নতুন ব্যৱস্থ
कहीं भी पंजीकरण**('Anywhere Registration)


চেন্নাই, ১০ জুলাই (হি.স.)। তামিলনাডু চৰকাৰে ‘এনিৱেৰ ৰেজিষ্ট্ৰেচন’ অনলাইন ব্যৱস্থা ৰূপায়ণ কৰি ৰাজ্যখনৰ সম্পত্তিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ডিজিটেলাইজ কৰাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৬ চনৰ ১৭ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এই নতুন ব্যৱস্থা।এবাৰ কাৰ্যকৰী হোৱাৰ পিছত নাগৰিকে ৰাজ্যৰ যিকোনো ঠাইৰ পৰা অনলাইনযোগে সম্পত্তি পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব, যাৰ ফলত কোনো নিৰ্দিষ্ট উপ-পঞ্জীয়ক কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজনীয়তা নাইকিয়া হ’ব।

ৰাজ্যৰ বাণিজ্যিক কৰ আৰু পঞ্জীয়ন মন্ত্ৰী ডি লগাশ তামিলচেলভানৰ অধ্যক্ষতাত অনুষ্ঠিত বিভাগীয় পৰ্যালোচনা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত নতুন ব্যৱস্থাটোৰ কাৰিকৰী, প্ৰশাসনিক, আৰু আইনী দিশসমূহ পৰ্যালোচনা কৰা হয় আৰু ইয়াৰ ৰূপায়ণৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়।

নতুন ব্যৱস্থাৰ অধীনত আবেদনকাৰীয়ে ২৪ ঘণ্টাই অনলাইনযোগে নথি-পত্ৰ আপলোড কৰিব পাৰিব। নথিপত্ৰ পৰীক্ষণ, পঞ্জীয়ন মাচুল পৰিশোধ, আৰু অন্যান্য প্ৰয়োজনীয় আনুষ্ঠানিকতা ডিজিটেলভাৱে সম্পূৰ্ণ কৰা হ’ব। সমগ্ৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ অৱস্থাও অনলাইনযোগে অনুসৰণ কৰা হ’ব।

চৰকাৰে স্পষ্ট কৰি দিছে যে এই সুবিধা প্ৰথম অৱস্থাত কেৱল এটা প্লটৰ প্ৰথম বিক্ৰী আৰু নতুন ফ্লেটৰ প্ৰথম বিক্ৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। পিছলৈ অভিজ্ঞতা আৰু প্ৰয়োজনীয়তাৰ ভিত্তিত ইয়াক অন্য ধৰণৰ সম্পত্তিৰ লেনদেনলৈ সম্প্ৰসাৰিত কৰিব পাৰি।

ব্যৱহাৰকাৰীসকলক নতুন ব্যৱস্থাপ্ৰণালীৰ বাবে এটা প্ৰৱেশ আইডি প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা তেওঁলোকে নথি-পত্ৰ আপলোড কৰিব পাৰিব, বায়’মেট্ৰিক পৰীক্ষণ কৰিব পাৰিব, অনলাইনত মাচুল দিব পাৰিব, আৰু পঞ্জীয়ন সম্পূৰ্ণ হোৱাৰ পিছত ডিজিটেল নথি-পত্ৰ ডাউনলোড কৰিব পাৰিব। চৰকাৰৰ মতে ডিজিটেলভাৱে প্ৰদান কৰা নথি-পত্ৰক আইনগতভাৱে স্বীকৃতি দিয়া হ’ব।

চৰকাৰে উল্লেখ কৰিছে যে এই সুবিধা ব্যৱহাৰ কৰিবলৈ আবেদনকাৰীসকলক চৰকাৰী অনুমোদিত এল-০ আৰু এল-১ ফিংগাৰপ্ৰিণ্ট স্ক্যানাৰ আৰু আইৰিছ কেপচাৰিং ডিভাইচৰ লগতে দ্ৰুতবেগী ইণ্টাৰনেট সংযোগৰ প্ৰয়োজন হ’ব। এই যন্ত্ৰসমূহৰ জৰিয়তে বায়’মেট্ৰিক পৰীক্ষণ কৰা হ’ব।

ব্যৱহাৰকাৰীসকলক সহায় কৰিবলৈ বিশেষ হেল্প ডেস্কসমূহো স্থাপন কৰা হ’ব, কাৰিকৰী আৰু পদ্ধতিগত সমস্যাসমূহৰ সমাধান প্ৰদান কৰা হ’ব আৰু নতুন ব্যৱস্থাটোৰ ব্যৱহাৰৰ সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হ’ব।

পৰ্যালোচনা বৈঠকত মন্ত্ৰী ডি লগাশ তামিলচেলভানে কয় যে ৰাজ্য চৰকাৰে পঞ্জীয়ন বিভাগত প্ৰযুক্তিভিত্তিক উন্নতিৰ বাবে অহৰহ কাম কৰি আছে। নাগৰিকৰ অভিযোগৰ শীঘ্ৰে সমাধান নিশ্চিত কৰাৰ লগতে পঞ্জীয়নৰ নথি-পত্ৰসমূহ যাতে একেদিনাই সম্ভৱপৰ হয় সেয়া নিশ্চিত কৰিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে।

চৰকাৰে কয় যে নতুন ব্যৱস্থা কাৰ্যকৰী হোৱাৰ পিছত পঞ্জীয়ন কাৰ্যালয়ত যানজঁট কম হ’ব, বিভিন্ন কাৰ্যালয়ৰ মাজত কামৰ বোজা ভালদৰে বিতৰণ হ’ব, আৰু বিচাৰাধীন গোচৰৰ নিষ্পত্তিও ক্ষিপ্ৰ হ’ব।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande