জোনাইত টিএমপিকেৰ ১৭তম কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশনৰ দ্বিতীয়তো দিনত পতাকা উত্তোলন আৰু শ্বহীদ বেদীৰে আৰম্ভ কাৰ্যসূচী
ধেমাজী, ১০ জুলাই (হি.স.)। টিএমপিকেৰ ১৭তম কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয়তো দিন। পতাকা উত্তোলন আৰু শ্বহীদ বেদীৰে আৰম্ভ আজিৰ পুৱাৰ কাৰ্যসূচী আৰম্ভ৷ মিচিং সমাজৰ একমাত্ৰ ছাত্ৰ সংগঠন টাকাম মিচিং পৰিণ কেবাঙৰ ১৭তম কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশ
জোনাইত টিএমপিকেৰ ১৭তম কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশনৰ দ্বিতীয়তো দিনত পতাকা উত্তোলন আৰু শ্বহীদ বেদীৰে আৰম্ভ কাৰ্যসূচী


ধেমাজী, ১০ জুলাই (হি.স.)। টিএমপিকেৰ ১৭তম কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয়তো দিন।

পতাকা উত্তোলন আৰু শ্বহীদ বেদীৰে আৰম্ভ আজিৰ পুৱাৰ কাৰ্যসূচী আৰম্ভ৷

মিচিং সমাজৰ একমাত্ৰ ছাত্ৰ সংগঠন টাকাম মিচিং পৰিণ কেবাঙৰ ১৭তম কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন যোৱা বৃহস্পতিবাৰৰ পৰা জোনাইৰ মূৰ্কংচেলেক মিচিং কৃষ্টি ভৱন প্ৰাংগণত আৰম্ভ হৈছে।

আজি অধিৱেশন খনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে আৰম্ভ হয়।

দ্বিতীয় দিনাৰ পুৱাৰ কাৰ্যসূচীত সংগঠনটোৰ সভাপতি তিলক দলে পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হয়। তাৰ পাছতেই ইতিমধ্যে প্ৰথম খন প্ৰতিনিধি সভা আৰম্ভ কৰা হৈছে।

প্ৰতিনিধি সভাত টিএমপিকেৰ ১৭তম কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন সফলভাৱে অনুষ্ঠিত হোৱাৰ শুভেচ্ছা জনাবলৈ উপস্থিত থাকে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা।

সংগঠনটোৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়ে যে এইবাৰৰ অধিৱেশনত নতুন প্ৰজন্মক বিশেষ গুৰুত্ব দিয়াৰ লগতে মিচিং সমাজৰ ষষ্ঠ অনুসূচীৰ দাবীক কেন্দ্ৰ কৰি চলি থকা আন্দোলন, আৰ্থ-সামাজিক উন্নয়ন, নতুন শিক্ষা ব্যৱস্থা, কৃষি ব্যৱস্থা আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰা হ'ব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande