
'অবাস্তৱ সপোনৰ সংকলন ৰাজ্যিক বাজেট; জনসাধাৰণৰ প্ৰত্যাশা প্ৰতিফলিত হোৱা নাই'
গুৱাহাটী, ১০ জুলাই(হি.স.)। অসম চৰকাৰৰ ২০২৬-২৭ বিত্ত বৰ্ষৰ বাজেট জনসাধাৰণৰ প্ৰত্যাশাৰ অনুৰূপ হোৱা নাই। বৰং এই বাজেটত এখন কল্পনাৰ অসমৰ সপোন লিপিবদ্ধ কৰা হৈছে যিসমূহ বাস্তবায়নৰ ৰূপৰেখা অনুপস্থিত। এনে পৰিপ্ৰেক্ষিতত এইবাৰৰ বাজেটক অবাস্তৱ সপোনৰ সংকলন বুলি কোৱাৰ গত্যন্তৰ নাই। এইদৰে বক্তব্য অসম জাতীয় পৰিষদ(অঃ জাঃ পঃ)ৰ।
দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এই বাজেট সংখ্যাৰ খেল আৰু তথ্যৰ অবাস্তৱ প্ৰদৰ্শনী মাত্ৰ বুলি উল্লেখ কৰি কয় যে এইবাৰৰ বাজেটত অসমৰ জনসাধাৰণৰ প্ৰকৃত সমস্যা সমাধানৰ কোনো বাস্তৱসন্মত পথ নাই।
গগৈ আৰু ভূঞাই কয়, চৰকাৰে গৌৰৱ কৰি কৈছে যে বাজেটৰ আকাৰ এক দশকত প্ৰায় তিনিগুণ বৃদ্ধি পাই ২০২৫-২৬ বৰ্ষত ২,০০,৭৮২ কোটি টকা হৈছে, আৰু পুঁজিগত ব্যয়ৰ হাৰ ৫৮ শতাংশৰ পৰা ৮৫ শতাংশলৈ বৃদ্ধি পাইছে। কিন্তু ৰাজ্যৰ নিবনুৱাৰ হাৰ, জনমুৰি আয়, আৰু কৃষকৰ প্ৰকৃত উপাৰ্জন বৃদ্ধিৰ কোনো তুলনামূলক হিচাপ চৰকাৰে দিব পৰা নাই। কেৱল ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰাটোৱে উন্নয়নৰ প্ৰমাণ নহয়; সেই ধনৰ প্ৰকৃত সুফল সাধাৰণ মানুহে লাভ কৰিছে নাই, সেইটোহে আচল প্ৰশ্ন।
বাজেটত এৰোট্ৰপলিছ, গুৱাহাটী চেটেলাইট চিটিজ ডেভেলপমেণ্ট অথৰিটি, গেলেফু মাইণ্ডফুলনেছ চিটি স্পেচিয়েল ইকনমিক জ'ন, ছেমিকণ্ডাক্টৰ AVGC-XR, IFMIS, e-HRMIS, e-Shram, e-Prisons, Assam Startup-NEST — এইবোৰ দৰে আকৰ্ষণীয় নাম বা শব্দ শুনিবলৈ পোৱা বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয়, কিন্তু ইয়াৰে কেইটা প্ৰকল্প প্ৰকৃততে বাস্তৱত ৰূপায়িত হ'ব, আৰু কিমান বছৰৰ ভিতৰত সাধাৰণ মানুহে ইয়াৰ ফল পাব, তাৰ কোনো সময়সীমা বা জবাবদিহিতাৰ ব্যৱস্থা বাজেটত উল্লেখ নাই।
গতানুগতিক ভাৱে প্ৰতিবছৰে নতুন নতুন আকৰ্ষণীয় নামেৰে আঁচনি ঘোষণা কৰাই যেন এই চৰকাৰৰ একমাত্ৰ কৌশল হৈ পৰিছে। থলুৱাৰ ভূমি কাঢ়ি নি অভিলাসী প্ৰকল্প স্থাপনৰ প্ৰয়াস কৰাটো উন্নয়ন হ'ব নোৱাৰে বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয়, FPO/FPC, মাচা চাহ (Matcha Tea), GI টেগ কৰা সামগ্ৰী, ডিহাইড্ৰেচন ইউনিটৰ কথা বাজেটত আছে, কিন্তু কৃষকৰ প্ৰকৃত সমস্যা— প্ৰকৃত মূল্যৰ অভাৱ, সাৰ-বীজৰ সংকট, বান আৰু খহনীয়াৰ ক্ষতিপূৰণ, আৰু কৃষি ঋণৰ (KCC) জৰিয়তে সৃষ্টি হোৱা NPAৰ বোজা কমোৱাৰ কোনো বাস্তৱসন্মত পদক্ষেপ নাই। কৃষকৰ নামত আঁচনিৰ নাম সলনি হয়, কিন্তু কৃষকৰ যন্ত্ৰণা একেই থাকি যায়।
আনহাতে স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ প্ৰসংগ উল্লেখ কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয়, স্বাস্থ্য খণ্ডত চৰকাৰে NFHS-6, SRS 2022-24, আৰু SDG ৰ পৰিসংখ্যা উদ্ধৃত কৰি নিজৰ পিঠিত নিজে চাপৰি মাৰিছে, কিন্তু ৰাজ্যৰ স্বাস্থ্যকেন্দ্ৰত চিকিৎসক আৰু ঔষধৰ অভাৱ, IVF-cum-ETT লেবৰ দৰে চহৰকেন্দ্ৰিক সুবিধাৰ বাহিৰে সাধাৰণ মানুহৰ বাবে প্ৰকৃত স্বাস্থ্যসেৱাৰ কোনো উন্নতিৰ চিত্ৰ নাই। শিক্ষাখণ্ডত AVGC-XR, স্পোকেন ইংলিছ, NEET/JEE প্ৰশিক্ষণৰ কথা কোৱা হৈছে, কিন্তু চৰকাৰী স্কুলত শিক্ষকৰ অভাৱ আৰু পৰিকাঠামোৰ দুৰ্দশাৰ বিষয়ে বাজেট নিমাত।
দলটোৰ নেতৃত্বই জনোৱা অনুসৰি, মুখ্যমন্ত্ৰীৰ বৈদেশিক ভাষা আঁচনি (Global Human Talent), iGOT, NASSCOM Future Skills, Infosys Springboard আদিৰ কথা বাজেটত আছে, কিন্তু অসমৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে কিমান স্থায়ী চৰকাৰী চাকৰি সৃষ্টি হ'ব, তাৰ কোনো নিৰ্দিষ্ট সংখ্যা বাজেটত নাই। প্ৰশিক্ষণ আৰু 'স্কিলিং'ৰ নামত যুৱ প্ৰজন্মক আশ্বাস দিয়া হৈছে, কিন্তু প্ৰকৃত নিয়োগৰ প্ৰতিশ্ৰুতি নাই।
দলীয় নেতৃত্বৰ মন্তব্য, এৰোট্ৰপলিছ, গেলেফু মাইণ্ডফুলনেছ চিটি, গুৱাহাটী চেটেলাইট চিটিজৰ দৰে বৃহৎ চহৰকেন্দ্ৰিক প্ৰকল্পত চৰকাৰৰ গোটেই দৃষ্টি নিবদ্ধ হৈ আছে। কিন্তু উজনি অসম, বৰাক উপত্যকা, আৰু চাহ বাগিচা অঞ্চলৰ প্ৰকৃত পৰিকাঠামো উন্নয়নৰ বাবে কোনো বাস্তৱসন্মত, নিৰ্দিষ্ট আঁচনি নাই। এইখন বাজেটে অসমৰ প্ৰকৃত আঞ্চলিক বৈষম্য দূৰ কৰাৰ পৰিৱৰ্তে অধিক গভীৰ কৰিব।
মহিলা আৰু শিশু কল্যাণ প্ৰসংগত দলৰ মন্তব্য, CMAAA, PM POSHAN, ECCE, আৰু WEAFৰ দৰে মহিলা-কেন্দ্ৰিক আঁচনিৰ কথা বাজেটত উল্লেখ আছে, কিন্তু এই আঁচনি সমূহৰ প্ৰকৃত পৰিসৰ, আৰ্থিক সুবিধাৰ পৰিমাণ, আৰু বাস্তৱায়নৰ সময়সীমাৰ বিষয়ে স্পষ্টতা নাই। বৰ্তমান প্ৰচলিত আঁচনিৰ নাম সলনি কৰি নতুন আঁচনি বুলি দেখুওৱাটোৱেই এই চৰকাৰৰ পুৰণি অভ্যাস।
প্ৰশাসনিক সংস্কাৰ আৰু স্বচ্ছতা কেৱল কাগজতে সীমাবদ্ধ বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয়, IFMIS, e-HRMIS, G2B, SPARROW ৰ দৰে ডিজিটেল ব্যৱস্থাৰ কথা কোৱা হৈছে, কিন্তু প্ৰকৃত প্ৰশাসনিক দুৰ্নীতি আৰু স্বচ্ছতাৰ অভাৱৰ প্ৰশ্নত চৰকাৰ নিমাত। ডিজিটেল প্লেটফৰ্মৰ নাম দিয়াই সমাধান নহয়, প্ৰকৃত জবাবদিহিতাৰ প্ৰয়োজন।
জাতীয় পৰিষদৰ নেতাদ্বয়ে কয়, এইখন বাজেট নিৰ্বাচনোত্তৰ প্ৰথম বাজেট হোৱা স্বত্বেও তাত জনসাধাৰণৰ প্ৰকৃত আশা-আকাংক্ষাৰ প্ৰতিফলিত হোৱা নাই। ই কেৱল এখন দৃষ্টি-আকৰ্ষণকাৰী দস্তাবেজ, য'ত ইংৰাজী চমকদাৰ নাম আৰু আন্তৰ্জাতিক অংশীদাৰিত্বৰ চমক আছে, কিন্তু অসমৰ কৃষক, যুৱক, মহিলা, আৰু প্ৰান্তীয় জনগোষ্ঠীৰ প্ৰকৃত সমস্যাৰ সমাধানৰ কোনো বাস্তৱিক পথ নাই।
প্ৰকৃত কৰ্মসংস্থানৰ সংখ্যা, ৰাজহ ঘাটীৰ স্পষ্ট হিচাপ, আৰু আঞ্চলিক বৈষম্য দূৰ কৰাৰ নিৰ্দিষ্ট সময়সীমাসহ পৰিকল্পনা জনসন্মুখত দাঙি ধৰিবলৈ অঃ জাঃ পঃৰ নেতৃত্বই চৰকাৰক দাবী জনায়।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ