
নতুন দিল্লী, ১০ জুলাই (হি.স.)। জাপানত ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া ২০ সংখ্যক এছিয়ান গেমছ আইচি-নাগোয়া ২০২৬ৰ বাবে শুকুৰবাৰে হকী ইণ্ডিয়াই ২০ জনীয়া ভাৰতীয় মহিলা হকী দলৰ কথা ঘোষণা কৰে । সম্প্রতি নিউজিলেণ্ডত এফ আই এইচ নেচনছ কাপৰ খিতাপ জয় কৰা দলটোৰ অধিনায়ক ছালিমা টেটে পুনৰবাৰ নেতৃত্ব দিব ৷
মুখ্য প্ৰশিক্ষক শ্বোয়াৰ্ড মাৰিজনে কয় যে, আমাৰ এটা দল আছে য'ত জুনিয়ৰ, অভিজ্ঞ আৰু জ্যেষ্ঠ খেলুৱৈৰ এক বৃহৎ ভাৰসাম্য আছে। সকলো খেলুৱৈয়ে ইজনে সিজনৰ শ্ৰেষ্ঠখিনি উলিয়াই আনিবলৈ অক্লান্তভাৱে কাম কৰি আছে।
শেহতীয়াকৈ পদ্মশ্ৰীৰে সন্মানিত হোৱা সবিতা আৰু বিচু দেৱী খাৰিবামক গ’লৰক্ষক হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে।
সুশিলা চানু, ইশিকা চৌধাৰী, জ্যোতি, লালথানথলুৱাংগী, আৰু শিল্পী দবাছক ডিফেন্সত অন্তৰ্ভুক্ত কৰা হৈছে। এফ আই এইচ নেচনছ কাপত ছিনিয়ৰ অভিষেক ঘটা লালথানতুলাংগী আৰু শিল্পী দাবাছে তেওঁলোকৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত এছিয়ান গেমছৰ দলত অন্তৰ্ভুক্ত হৈছে।
অধিনায়ক ছালিমা টেটে নিকি প্ৰধান, সাক্ষী ৰানা, সুনেলিতা টপ্পো, নেহা, আৰু দীপিকা ছ’ৰেঙৰ সৈতে মিডফিল্ডত খেলিব।
ফৰৱাৰ্ড লাইনত আছে লালৰেমচিয়ামি, ৰুতুজা দাদাশো পিছাল, নৱনীত কৌৰ, দীপিকা, ইশিকা, বলজীত কৌৰ, আৰু বিউটি ডাংডুং।
মুখ্য প্ৰশিক্ষকগৰাকীয়ে আৰু কয়, এই দলৰ খেলুৱৈসকলে বিগত কেইমাহমানৰ পৰা উৎকৃষ্ট ফৰ্ম আৰু ফিটনেছ প্ৰদৰ্শন কৰিছে। আমি নিশ্চিত যে এই দলটোৱে এছিয়ান গেমছৰ প্ৰত্যাহ্বানৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে।
এছিয়ান গেমছ ২০২৬ৰ বাবে ভাৰতৰ ২০ জনীয়া মহিলা হকী দল
গ’লৰক্ষক : সবিতা, বিচু দেৱী খাৰিবাম।
ডিফেণ্ডাৰ : ইশিকা চৌধুৰী, সুশীলা চানু পুখ্ৰাম্বম, লালথানতুলাংগী, জ্যোতি, আৰু শিল্পী দবাছ।
মিডফিল্ডাৰ : নিকি প্ৰধান, সাক্ষী ৰানা, সুনেলিতা টপ্পো, ছালিমা টেটে (অধিনায়ক), নেহা, দীপিকা ছৰেং।
ফৰৱাৰ্ড : লালৰেমচিয়ামি, ৰুতুজা দাদাশো পিছাল, নৱনীত কৌৰ, দীপিকা, ইশিকা, বলজিৎ কৌৰ, বিউটি ডাংডুং।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ