
চৰাইদেউ, ১০ জুলাই (হি.স.)।
সোণাৰিত আজি বন বিভাগৰ এক অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ এখন বাহন জব্দ কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, এএছ ০৩ চিচি ৮৮৬৬ নম্বৰৰ বাহন খনৰ জৰিয়তে এই চোৰাং কাঠখিনি সৰবৰাহ কৰি থকাৰ সময়তে বন বিভাগে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বাহনখন জব্দ কৰিবলৈ সক্ষম হয়।
জানিব পৰা অনুসৰি, কাঠখিনি জনৈক নিৰ্মল নামৰ লোক এজনৰ নেতৃত্বত মৰাণৰ পৰা যোৰহাটলৈ সৰবৰাহ কৰা হৈছিল।
সোণাৰি আঞ্চলিক বন বিষয়াৰ নেতৃত্বত চলোৱা এই অভিযানত অবৈধভাৱে পৰিবহণ কৰি থকা কাঠখিনি উদ্ধাৰ কৰাৰ লগতে বাহন খন জব্দ কৰি বন বিভাগৰ জিম্মালৈ নিয়া হয়। উক্ত ঘটনাৰ সৈতে জড়িত থকা লোক সকলক বিচাৰি বন বিভাগে তদন্ত অব্যাহত ৰাখিছে।
দীৰ্ঘদিন ধৰি অঞ্চলটোত বন মাফিয়াৰ চক্ৰ সক্ৰিয় হৈ থকাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে বন বিভাগৰ এই সফল অভিযানে একাংশ চোৰাং ব্যৱসায়ীক কিছু পৰিমাণে হলেও শংকিত কৰি তুলিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা