শিৱসাগৰত এণ্টি ড্ৰাগছ স্কোৱাডৰ উকীল সন্থালৈ আহ্বান - ড্ৰাগছ পেডেলাৰৰ নিদিব আইনী সাহাৰ্য
শিৱসাগৰ, ১০ জুলাই (হি.স.)। শিৱসাগৰত এণ্টি ড্ৰাগছ স্কোৱাডৰ উকীল সন্থালৈ আহ্বান - ড্ৰাগছ পেডেলাৰৰ নিদিব আইনী সাহাৰ্য। শিৱসাগৰ জিলাত শেহতীয়াকৈ বৃদ্ধি পাইছে মাৰাত্মক ড্ৰাগছৰ প্ৰচলন। ড্ৰাগছৰ কবলত পৰিছে বহু নৱ প্ৰজন্মৰ কম বয়সীয়া যুৱক -যুৱতী। শিৱসাগৰ
শিৱসাগৰত এণ্টি ড্ৰাগছ স্কোৱাডৰ উকীল সন্থালৈ আহ্বান - ড্ৰাগছ পেডেলাৰৰ নিদিব আইনী সাহাৰ্য


শিৱসাগৰ, ১০ জুলাই (হি.স.)। শিৱসাগৰত এণ্টি ড্ৰাগছ স্কোৱাডৰ উকীল সন্থালৈ আহ্বান - ড্ৰাগছ পেডেলাৰৰ নিদিব আইনী সাহাৰ্য।

শিৱসাগৰ জিলাত শেহতীয়াকৈ বৃদ্ধি পাইছে মাৰাত্মক ড্ৰাগছৰ প্ৰচলন। ড্ৰাগছৰ কবলত পৰিছে বহু নৱ প্ৰজন্মৰ কম বয়সীয়া যুৱক -যুৱতী।

শিৱসাগৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্ৰহণ কৰিছে যদিও নিয়ন্ত্ৰিত হোৱা নাই ড্ৰাগছৰ অবাধ প্ৰচলন। শেহতীয়াকৈ আৰক্ষীয়ে ড্ৰাগছ সৰবৰহকাৰীৰৰ লগতে আটক কৰিছে বহুকেইজন ড্ৰাগছ সেৱনকাৰীক ।

আৰক্ষীয়ে আটক কৰাৰ পাছতো আইনৰ সুৰুঙাৰে মুকলি আকাশৰ তললৈ ওলাই আহে এইসকল ড্ৰাগছ সৰবৰহকাৰী। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰবাসী সচেতন ৰাইজে গঠন কৰিছিল এণ্টি ড্ৰাগছ স্কোৱাড। শুকুৰবাৰে এণ্টি ড্ৰাগছ স্কোৱাডৰ সদস্যসকলে ড্ৰাগছ সৰবৰহকাৰী আৰু ড্ৰাগছ সেৱনকাৰীৰ কোনো ধৰণৰ কেছ গ্ৰহণ নকৰিবৰ বাবে শিৱসাগৰ উকীল সন্থালৈ অনুৰোধ পত্ৰ প্ৰেৰণ কৰে।

এণ্টি ড্ৰাগছ স্কোৱাডে প্ৰদান কৰা অনুৰোধ পত্ৰৰ ওপৰত উকীল সন্থাই পৰৱৰ্তী সময়ত আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande