গৌৰীপুৰ আৰক্ষীৰ জালত ছয় জনকৈ গভাইত চোৰ আটক
ধুবুৰী, ১০ জুলাই (হি.স.)। গৌৰীপুৰত ছয়জন গভাইত চোৰ আটক। গৌৰীপুৰ আৰক্ষীৰ জালত ছয় জনকৈ গভাইত চোৰ আটক। গৌৰীপুৰৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ছয়জনকৈ চোৰ আটক কৰিবলৈ সক্ষম হয় গৌৰীপুৰ আৰক্ষীয়ে। দীৰ্ঘ দিনে চোৰ কেইজনে গৌৰীপুৰৰ বিভিন্ন প্ৰান্তত চোৰৰ সন্ত
গৌৰীপুৰ আৰক্ষীৰ জালত ছয় জনকৈ গভাইত চোৰ আটক


ধুবুৰী, ১০ জুলাই (হি.স.)। গৌৰীপুৰত ছয়জন গভাইত চোৰ আটক। গৌৰীপুৰ আৰক্ষীৰ জালত ছয় জনকৈ গভাইত চোৰ আটক।

গৌৰীপুৰৰ বিভিন্ন প্ৰান্তত অভিযান চলাই ছয়জনকৈ চোৰ আটক কৰিবলৈ সক্ষম হয় গৌৰীপুৰ আৰক্ষীয়ে। দীৰ্ঘ দিনে চোৰ কেইজনে গৌৰীপুৰৰ বিভিন্ন প্ৰান্তত চোৰৰ সন্ত্ৰাস চলাই আছিল।

অৱশেষত দুখনকৈ ৰিক্সা চুৰি কৰি আৰক্ষীৰ জালত পৰে চোৰ কেইজন। ধৃত চোৰ কেইজন হৈছে পূব টিয়ামাৰি অঞ্চলৰ আব্দুল আজিজ (৩৫), মধুশৈলমাৰি অঞ্চলৰ ইলিয়াছ আলী ( ২২) ,বৰুৱা পট্টি অঞ্চলৰ ননি গোপাল দাস ( ৩৬), পুন্তিত চৰ প্ৰথমখণ্ড অঞ্চলৰ সমিৰ আলী (২৯), চৌৰেঙিমোৰ অঞ্চলৰ কানাইয়া চৌহান (২৩),আৰু মধুশৈলমাৰি ২ য় খণ্ডৰ নুৰ ইছলাম (১৮)।

আটাই কেইজনক আজি গৌৰীপুৰ আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande