

মৰিগাঁও, ১০ জুলাই (হি.স.)। জাগীৰোডত সদৌ তিৱা ছাত্ৰ সন্থাৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট ৷ তিৱা স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত কৰা, স্বায়ত্ব পৰিষদত নতুনকৈ অন্তৰ্ভুক্ত হোৱা ১১৩ খন গাঁৱক কেন্দ্ৰ কৰি পৰিষদীয় সমষ্টি পূণৰ নিৰ্ধাৰণ কৰি শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰা আৰু অতি শীঘ্ৰে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত উক্ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷
উক্ত দাবী সম্বলিত স্মাৰক পত্ৰ জাগীৰোড সমজিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে সহযোগী সংগঠন সমূহে ৷
হিন্দুস্থান সমাচাৰ / Narayan Kar