তেজপুৰৰ মিছন চাৰিআলিৰ নিৰ্মীয়মাণ উৰণীয়া সেঁতুৰ সামগ্ৰী পৰি আহত সত্তৰোৰ্ধৰ ব্যক্তি
শোণিতপুৰ, ১০ জুলাই (হি.স.)। তেজপুৰৰ মিছন চাৰিআলিৰ নিৰ্মীয়মাণ উৰণীয়া সেঁতুৰ পৰা খহি পৰা সামগ্ৰীৰ বাবে আহত হয় এজন ৭০উৰ্দ্ধৰ ব্যক্তি ৷ এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচত সেঁতু নিৰ্মাণৰে জড়িত একাংশই আহত লোকজনৰ পৰিয়ালক “এয়া আমি জানি বুজি কৰা নাই, এনে কা
তেজপুৰৰ মিছন চাৰিআলিৰ নিৰ্মীয়মাণ উৰণীয়া সেঁতুৰ সামগ্ৰী পৰি আহত সত্তৰোৰ্ধৰ ব্যক্তি


শোণিতপুৰ, ১০ জুলাই (হি.স.)। তেজপুৰৰ মিছন চাৰিআলিৰ নিৰ্মীয়মাণ উৰণীয়া সেঁতুৰ পৰা খহি পৰা সামগ্ৰীৰ বাবে আহত হয় এজন ৭০উৰ্দ্ধৰ ব্যক্তি ৷ এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচত সেঁতু নিৰ্মাণৰে জড়িত একাংশই আহত লোকজনৰ পৰিয়ালক “এয়া আমি জানি বুজি কৰা নাই, এনে কামত এইদৰে বস্তু ভাঙি পৰিব পাৰে ৷ দুৰ্ঘটনা হয়েই, মানুহ মৰেই ৷ তাত আমাৰ কৰিব লগীয়া একো নাই” বুলি মন্তব্য কৰাৰ অভিযোগ উঠিছে ৷

প্ৰণিধানযোগ্য যে, তেজপুৰৰ পৰোৱা চাহ বাগিছা তথা পূৰ্বৰ নুৰবাৰী চাহবাগিছাৰ বঙলা লাইন নিবাসী হৰি বাহাদুৰ ছেত্ৰী তেওঁৰ স্কুটাৰ খনৰে পৰোৱালৈ আহি থকা অৱস্থাত মিছন চাৰিআলি সংযোগী ৰাষ্ট্ৰীয় পথ আৰু কেতেকী বাৰী সংযোগী উপপথৰ ওচৰত দুৰ্ঘটনাত পতিত হয় ৷

উল্লেখযোগ্য যে,সেই স্হান পোৱাৰ সময়তে নিৰ্মীয়মান উৰণীয়া সেঁতু খনৰ ওপৰৰ পৰা ঢালাইৰ কিছু অংশ খহি পৰে ছেত্ৰীৰ স্কুটাৰৰ সন্মুখত৷আকস্মিক এই ঘটনাত পৰি যোৱা ছেত্ৰীয়ে মূৰ,হাত আৰু ভৰিত আঘাত পায়৷সৰ্বশৰীৰ ৰক্তাক্ত হৈ পৰা ছেত্ৰীক একাংশ লোকে ডাঙি নি পথৰ কাষত ৰখাৰ বিপৰীতে সেঁতুত কৰ্মৰত সকলে পলায়ন কৰে৷পাছত পিতৃৰ ঘৰলৈ উভতি অহাত পলম হোৱাত তেওঁৰ পৰিয়ালে যোগাযোগ কৰাত ছেত্ৰী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বিষয়ে জানিব পাৰি তেওঁলোকে ছেত্ৰীৰ সন্ধানত মিছন চাৰিআলি পায়গৈ৷অৱশেষত আহত ছেত্ৰীক মিছন চাৰিআলিৰ তলত বহুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে ৷

উল্লেখযোগ্য যে যথেষ্ট পলমকৈ আহত ছেত্ৰীৰ ওচৰত উপস্থিত হোৱা উৰণীয়া সেঁতু নিৰ্মাণৰ কাম চোৱাচিতা কৰা এজন মহ’ৰীয়ে ছেত্ৰীক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰাৰ সলনি এঘন্টাৰ অধিক সময় তেনেদৰে বহুৱাই ৰাখিছিল ৷ উল্লেখযোগ্য যে, একাংশ লোকে আহত লোকজনক সমীপৰ এখন ফাৰ্মাচীত প্ৰাথমিক চিকিৎসা কৰোৱাৰ বাহিৰে ৰক্তাক্ত অৱস্থাত থকা ছেত্ৰীয়ে ইমান সময়ে উপযুক্ত চিকিৎসা লাভ নকৰাৰ বাবে ছেত্ৰীৰ এগৰাকী কন্যাই সেঁতু নিৰ্মাণকাৰী ঠিকাদাৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীক প্ৰশ্ন কৰাত তেওঁলকে এনে দুৰ্ঘটনা হৈয়েই থাকে আৰু দুৰ্ঘটনাত মানুহ মৰিয়েই থাকে বুলি ধমক দিয়ে ৷ পাছত ছেত্ৰীৰ কন্যাই এইবিষয়ে সংবাদমাধ্যম আৰু ৰাইজৰ আগত সবিশেষ প্ৰকাশ কৰিব বুলি কোৱা সত্বেও তেওঁলোকৰ গা নলৰাত ছেত্ৰীৰ কন্যাই আহত পিতৃক নিজাকৈ এখন গাড়ীৰ ব্যৱস্থা কৰি টাইমছ হাস্পতাললৈ নিয়ে ৷ সেই সময়লৈকে ছেত্ৰী প্ৰায় অজ্ঞান হৈ পৰে ৷

তিনিদিন চিকিৎসাধীন হৈ ঘৰলৈ উভতা ছেত্ৰীৰ চিকিৎসা ব্যয় পাছত উৰণীয়া সেঁতু নিৰ্মাণ কৰ্তৃপক্ষই আদায় দিয়ে য’দিও বৰ্তমান এমাহৰ বাবে সম্পূৰ্ণ জিৰণি ত থকাৰ বাবে চিকিৎসকে পৰামৰ্শ দিয়াৰ উপৰি ছেত্ৰীয়ে বৰ্তমানেও চিকিৎসা গ্ৰহণ কৰি থাকিব লগীয়া হৈছে ৷ এই সন্দৰ্ভত ভুক্তভোগী ছেত্ৰীয়ে কয় “পাছত তেওঁলোকে মোৰ খৱৰ ল’ব বুলি কৈছিল ৷ কিন্তু আজিলৈকে মোৰ খৱৰ কৰা নাই ৷ মোৰ ছোৱালী দুজনী আৰু পত্নীৰে সৈতে মোৰ সংসাৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী মই ৷ বৰ্তমান মই বিচনাতে অধিক সময় থাকিব লগীয়া হৈছে ৷ এখন হাতৰ আঙুলি ফাটিছে ৷ এখন ভৰিত যথেষ্ট বিষ। হেলমেট পৰিধান কৰি নথকাহ’লে সেইদিনা মই জীয়াই নাথাকিলোহেঁতেন ৷”

উল্লেখযোগ্য যে উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ লেহেমীয়া গতিৰ লগতে ছাৰ্ভিচ পথৰ দুৰৱস্থাই ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰা উৰণীয়া সেঁতুখনৰ নিৰ্মাণত ব্যৱহৃত সামগ্ৰী কিমানদূৰ কাৰিকৰী ভাবে শুদ্ধ ৰূপত ব্যৱহাৰ কৰা হৈছে সেয়াও এতিয়া প্ৰশ্নৰ বিষয় ৷ ইয়াত ব্যৱহাৰ কৰাৰ বাবে মজুত কৰা লোহাত কাৰিকৰী ভাবে যি চিমেণ্টৰ প্ৰলেপ সানি থ’ব লাগে সেয়াও কৰা হোৱা নাই ৷ ফলত এনে লোহাত মামৰ লগাটো স্বাভাৱিক ৷ এনেবোৰ ক্ষেত্ৰত মদনদণ্ড নিৰূপনৰ পৰীক্ষা কৰাটো অতিশয় প্ৰয়োজন বুলিও ৰাইজে মন্তব্য কৰিছে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande