
গুৱাহাটী, ১০ জুলাই (হি.স.)।পুৰণি শৰাইঘাট দলঙৰ মেৰামতি আৰু পুনর্নিমৰ্মানৰ কামৰ বাবে ১৩ জুলাই, ২০২৬ তাৰিখৰ পুৱা ৫ বজাৰ পৰা ৩১ জুলাই, ২০২৬ লৈকে যান-বাহনৰ পথ সলনি আৰু নিয়ন্ত্রণ ব্যৱস্থা বলৱৎ কৰা হৈছে। উপ-আৰক্ষী আয়ুক্ত (যান-বাহন), গুৱাহাটী, অসম আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক, কামৰূপ, অসমৰ স্বাক্ষৰিত এক পত্ৰত এই নিৰ্দেশনা দিয়া হৈছে।
সেইমৰ্মে মেৰামতিৰ কাম চলি থকা সময়ছোৱাত পুৰণি শৰাইঘাট দলংখন সকলো কাৰৰ যান-বাহনৰ চলাচলৰ বাবেদুয়োফালৰ পৰা সম্পূর্ণৰূপে বন্ধ থাকিব। মেৰামতিৰ কাম সম্পূর্ণ নোহোৱালৈকে পুৰণি শৰাইঘাট দলঙৰ ওপৰেদি কোনো বাহন চলিবলৈ অনুমতি দিয়া
নহ'ব। সেয়েহে নতুন শৰাইঘাট দলঙৰ ওপৰেদি দুয়ো দিশৰ পৰা যান-বাহন চলাচল কৰিব। নামনি অসমৰ দিশৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন (যাত্রীবাহী বাছৰ বাহিৰে) বাইহাটা চাৰিআলি-কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। একেদৰে,উজনি অসমৰ পৰা নামনি অসমৰ দিশলৈ অহা সকলো গধুৰযান-বাহন (যাত্রীবাহী বাছৰ বাহিৰে) কলিয়াবৰতিনিআলি-বাইহাটা চাৰিআলি হৈ যাব লাগিব।
আনহাতে পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ কোনো বাণিজ্যিক মালবাহী বাহনক নতুন শৰাইঘাট দলঙৰ মাজেৰে গুৱাহাটী মহানগৰীলৈ প্ৰৱেশ বাপ্ৰস্থান কৰিবলৈ দিয়া নহ'ব। নামনি অসমৰ পৰা গুৱাহাটী হৈ উজনি অসমৰ দিশলৈ অহা লঘুযান-বাহনসমূহক পুৰণি শৰাইঘাট দলঙৰ স্বাভাৱিক পথেৰে যাবলৈ অনুমতি দিয়া নহ'ব; ইয়াৰ পৰিৱৰ্তে তেওঁলোকক নতুন শৰাইঘাট দলঙৰ ওচৰৰ চেকপইণ্টত নতুন দলঙৰ দিশলৈ ডাইভার্ট কৰা হ'ব। এনে সকলো বাহন নতুন শৰাইঘাট দলঙৰ ওপৰেদি গুৱাহাটী হৈ উজনি অসমৰ দিশলৈ যাব আৰু জালুকবাৰীৰ নাকা চেকিং পইণ্টট পুনৰ স্বাভাৱিক পথত প্রৱেশ কৰিব।
গুৱাহাটীৰদিশৰ পৰা কামৰূপ/নামনি অসমৰ দিশলৈ যোৱা সকলো বাহন নতুন শৰাইঘাট দলঙৰ মাজেৰে স্বাভাবিকভাৱে চলি থাকিব। মেৰামতিৰ কামৰ বাবে হোৱা এই পৰিৱৰ্তনে যান জটৰ সৃষ্টি কৰাৰ সম্ভাৱনা থকাৰ বাবে পথচাৰীসকলকআনহাতে আৰক্ষীয়ে এই সময়ছোৱাত বাহনসমূহক বহু নির্দেশনা মানি চলিবলৈ অনুৰোধ কৰিছে সেই মৰ্মে নামনি অসম/কামৰূপৰ পৰা উজনি অসম/গুৱাহাটীলৈ অহা লঘু যান বাহনসমূহৰ বাবে কুমাৰ ভাস্কৰ বৰ্মন সেতুৰ পথটো ব্যৱহাৰ কৰিব পাৰে।
নামনি অসম/কামৰূপৰ দিশৰ পৰা এল,জি.বি.আই বিমানবন্দৰলৈ অহা লঘু যান বাহনসমূহক যথেষ্ট আগতীয়াকৈ যাত্ৰা আৰম্ভ কৰিবলৈ পৰামর্শদিয়া হৈছে। পুৰণি শৰাইঘাট দলং দীঘলীয়া সময়ৰ বাবে বন্ধ থাকিব, সেয়ে এই পথছোৱাত যান-জট হোৱাৰ সম্পূর্ণ সম্ভাৱনা আছে। গতিকে যাত্রীসকলক বিকল্প পথ ব্যৱহাৰ কৰিএই অঞ্চলটো পৰিহাৰ কৰিবলৈ পৰামর্শ দিয়াহৈছে। যাত্রীসকলক নির্ধাৰিত পথ অনুসৰি গাড়ী চলাবলৈ আৰু নতুন শৰাইঘাট দলঙৰ ওপৰত অভাৰটেক নকৰিবলৈ অনুৰোধ জনোৱা হৈছে।
মেৰামতিৰ কাম চলাকালীন জালুকবাৰীৰ পৰা শৰাইঘাট দলভলৈকে থকা পথৰ দুয়োকাষে কোনো বাহন পার্কিং কৰিবলৈ অনুমতি দিয়া নহ'ব। ৰাজহুৱা বাছ, এম্বুলেন্স,অগ্নিনির্বাপক বাহিনীৰ দৰে জৰুৰীকালীন বাহন আৰু অন্যান্য লঘু যান-বাহন নতুন শৰাইঘাট দলঙৰ মাজেৰে চলিব পাৰিব।
এইনির্দেশনাসমূহ ৩১ জুলাই,২০২৬ লৈকে কার্যকৰী হৈ থাকিব। ইয়াৰ পিছত পৰিস্থিতি পর্যালোচনা কৰি পৰৱৰ্তী প্রয়োজনীয় নির্দেশনা জাৰি কৰা হব বুলিও আৰক্ষীৰ তৰফৰ পৰা জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী