

বেলাগাৱী, ১০ জুলাই (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ বাৰ্ষিক সৰ্বভাৰতীয় প্ৰান্ত প্ৰচাৰক বৈঠক শুকুৰবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে কৰ্ণাটকৰ বেলাগাৱীত। তিনিদিনীয়া এই বৈঠকত সংঘৰ সম্প্ৰসাৰণ আৰু ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কীয় কেইবাটাও মূল কথা বিতংভাৱে আলোচনা কৰা হ’ব।
সংঘৰ প্ৰচাৰ বিভাগৰ তথ্য অনুসৰি সৰসংঘচালক ডা° মোহন ভাগৱত, সৰকাৰ্যবাহ দত্তত্ৰেয় হোছাবালে, আটাইকেইটা সহ-চৰকাৰ্যবাহ, সৰ্বভাৰতীয় কৰ্ম বিভাগৰ মুৰব্বী, সহ-মুখ্য, কাৰ্যবাহী সদস্য, ক্ষেত্ৰ প্ৰচাৰক, সহ-ক্ষেত্ৰ প্ৰচাৰক, আৰু ৪৬ খন প্ৰদেশৰ প্ৰান্ত প্ৰচাৰক, লগতে বিভিন্ন প্ৰদেশৰ সৰ্বভাৰতীয় সংগঠন মন্ত্ৰী সংঘৰ অনুপ্ৰাণিত সংগঠনসমূহে, তিনিদিনীয়া এই বৈঠকত অংশগ্ৰহণ কৰিছে।
এই বৈঠকত সংঘৰ সম্প্ৰসাৰণ আৰু ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত কেইবাটাও মূল বিষয় আলোচনা কৰা হ’ব। এই বৈঠকত ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা সংঘৰ বিভিন্ন পৰ্যায়ত চলি থকা প্ৰশিক্ষণ শ্ৰেণীসমূহৰ বিশদ পৰ্যালোচনা আৰু শাখা পৰ্যায়ত কাৰ্য্য পৰিকল্পনা ৰূপায়ণৰ সন্দৰ্ভত বিতং আলোচনা কৰা হ’ব। সংঘ শতবাৰ্ষিকীৰ বাবে গ্ৰহণ কৰা শাখা সম্প্ৰসাৰণৰ পৰ্যালোচনা আৰু আগন্তুক সৰ্বোচ্চ শাখা সম্প্ৰসাৰণ পৰিকল্পনাৰ বিষয়েও আলোচনা কৰা হ’ব।
তদুপৰি শতবৰ্ষৰ সম্পূৰ্ণ হোৱা কাৰ্যসূচীসমূহৰ পৰ্যালোচনা আৰু বাকী নিৰ্ধাৰিত কাৰ্যসূচীসমূহৰ পৰিকল্পনা, আৰু ২০২৬-২৭ বৰ্ষৰ বাবে সৰসংঘচালকৰ ভ্ৰমণ পৰিকল্পনা আদি বিষয়সমূহ আলোচনা কৰা হ’ব। সংঘ শতবৰ্ষৰ (২০২৫-২৬) বাকী কাৰ্যসূচীসমূহ আগন্তুক বিজয়দশমী (২০ অক্টোবৰ) পৰ্যন্ত চলি থাকিব।
-----------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ