পকী দলঙৰ অভাৱত যমৰ যাতনা ভুগিবলগীয়া হৈছে কদমতলীৰ ৰাইজে
ধুবুৰী, ১০ জুলাই (হি.স.)। সমষ্টি পুনৰ নিৰ্ধাৰণত গোলকগঞ্জৰ পৰা গৌৰিপুৰ সমষ্টিত সংলগ্ন হৈছে কদমতলী গাওঁ। সমষ্টি পৰিবৰ্তন হ''লেও পৰিবৰ্তন নহল যাতায়াত ব্যবস্থা। ধুবুৰী- কচুগাওঁ লোক নিৰ্মাণ পথৰ পৰা কদমতলী বজাৰলৈ যোৱা প্ৰায় তিনি কিলোমিটাৰ পথ । পথছোৱাৰ
পকী দলঙৰ অভাৱত যমৰ যাতনা ভুগিবলগীয়া হৈছে কদমতলীৰ ৰাইজে


ধুবুৰী, ১০ জুলাই (হি.স.)। সমষ্টি পুনৰ নিৰ্ধাৰণত গোলকগঞ্জৰ পৰা গৌৰিপুৰ সমষ্টিত সংলগ্ন হৈছে কদমতলী গাওঁ। সমষ্টি পৰিবৰ্তন হ'লেও পৰিবৰ্তন নহল যাতায়াত ব্যবস্থা। ধুবুৰী- কচুগাওঁ লোক নিৰ্মাণ পথৰ পৰা কদমতলী বজাৰলৈ যোৱা প্ৰায় তিনি কিলোমিটাৰ পথ । পথছোৱাৰ মাজত থকা গোদাৰধাটত থকা গংগাধৰ নৈৰ সুতিৰ ওপৰত আজিয়ো নিৰ্মাণ নহল এখন পকী দলং। কেৱা দশক ধৰি ৰাইজে বাঁহৰ সাকো নিৰ্মাণ কৰি যাতায়ত কৰি আহিছিল। ৰাইজে এখন পকী দলং নিৰ্মাণৰ বাবে জনপ্ৰতিনিধিক দাবী জনাই আহিছিল।

নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি সকলে ভোটৰ আশাত প্ৰতিশ্ৰুতি দি আহিলেও বাস্তৱত আজিলৈকে নিৰ্মাণ কৰা নাই পকী দলং। এইবেলি বিধান সভা নিৰ্বাচনৰ পূৰ্বে বিধায়ক আব্দুছ ছোৱাহান আলী সৰকাৰে পকী দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে ভোটৰ আশাত লোৰ জইছৰে যাতায়াতৰ ব্যবহা কৰি দিয়ে। সম্প্ৰতি ৰাইজে লোৰ জইছৰে যাতায়াত কৰি আহিছে। কিন্তু গাওঁ খনলৈ চাৰিচকীয়া বাহনৰ লগতে ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ প্ৰবেশ নকৰাত ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে। সেয়ে গাওঁ খনৰ ৰাইজৰ সুবিধাৰ্থে গোদাৰঘাটত এখন পকী দলং নিৰ্মাণৰ দাবী জনায় স্হানীয় বিধায়ক আব্দুছ ছোৱাহান আলী সৰকাৰৰ লগতে গোলকগঞ্জৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande