
গুৱাহাটী, ১০ জুলাই (হি.স.)। ৰাজ্যত যি সকল লোকে বহুবিবাহ কৰিছে তেওঁলোকে আৰু নাপায় চৰকাৰী আচনিৰ সুবিধা। আনকি কোনো চৰকাৰী কৰ্মচাৰীয়ে যদি বহু বিবাহ কৰিছেও তেওঁলোককো চাকৰিৰ পৰা বৰ্খাস্ত কৰিব চৰকাৰে। আজি সদনত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেট দাখিল কৰাৰ পিছত অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে আজি সদনত উত্থাপিত অসম বাজেট ২০২৬-২৭ ৰ মূলবিন্দুসমূহ জানিবলৈ দি সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে।
তেওঁ জনায় যে চৰকাৰখনে জনকল্যাণমূলক আঁচনিত ৬ হাজাৰ কোটি টকা ব্যয় কৰিব। আজি পূৰ্ণকালীন বাজেট দাখিলৰ পিছত ইমান দিনে বন্ধ হৈ থকা পূৰ্বৰ কেইবাখনো আচনি আগন্তুক আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰা হ’ব। অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, অৰুণোদয় তথা খাদ্য সুৰক্ষা আঁচনিৰ চাউল, চেনী দাউল বিতৰণৰ সমূহ আচনি আজি পূৰ্ণাংগ বাজেট দাখিল কৰাৰ পিছত অহা আগষ্ট মাহৰ পৰা নিয়মীয়াকৈ হিতাধিকাৰীসকলে লাভ কৰিব। কিন্তু মহিলা সবলীকৰণ আৰু লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে বহু বিবাহত লিপ্ত হোৱা কোনো পুৰুষে কোনো চৰকাৰী কল্যাণমূলক আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে যোগ্য ববেচিত নহ’ব। ইফালে কোনো চৰকাৰী কৰ্মচাৰীয়ে বহুবিবাহ কৰা বুলি প্ৰমাণ হ’লে তেওঁক আইন মতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। অথবা যিকোনো অপৰাধমূলক আইনৰ অধীনত দোষী সাব্যস্ত হোৱা কোনা ব্যক্তিয়েই অধিসূচিত চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত নহ’ব বুলিও তেঁও উল্লেখ কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষা, স্বাস্থ্য, নিযুক্তি আদিৰ ওপৰত এইবাৰৰ বাজেটত অধিক গুৰুত্ব দিয়া হৈছে। চৰকাৰখনে নতুনকৈ পদ সৃষ্টি কৰি হলেও নিযুক্তি বৃদ্ধি কৰিব। ১ লাখ ১৫ হাজাৰ নিযুক্তি প্ৰদান কৰা হৈছে বৰ্তমানলৈ। অনাগত সময়ত ২ লাখ নিযুক্তি প্ৰদানৰ লক্ষ্যতো চৰকাৰখনে উপণীত হ’ব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰৰ বাজেটখন ৰেভিনিউ নিউট্ৰেল বাজেট। ইয়াত ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু ৰেভিনিউ আৰ্নিং দুয়োটাই সমান। বাজেটখনে এই দুয়োটাৰ মাজত সমতা স্থাপন কৰিছে। কেপিটেল এক্সপেণ্ডিচাৰ কমিছে, ৰেভিনিউ এক্সপেণ্ডিচাৰ বাঢ়িছে, ৰেভিনিউ কালেকচন কমিছে। ইয়ে বাজেটখনক সন্তলিত ৰূপ দিছে। বাজেটখনত নতুনকৈ কোনো কৰ আৰোপ কৰা হোৱা নাই। ইফালে প্ৰদূষিত উদ্যোগৰ ওপৰত গ্ৰীণ চেজ আৰোপ কৰা হৈছে। এই সেউজ কৰক ৰাজ্যৰ বননীকৰণ তথা সেউজীকৰণৰ কামত ব্যৱহাৰ কৰা হ’ব। ইফালে পথ, ৰে’ল পথ আৰু এয়াৰৱেজৰ ক্ষেত্ৰতো এইবাজেটত বহু গুৰুত্বপ্ৰদান কৰা হৈছে। অসম মালা ৪ ৰ অধীনত ৮০০ কিলোমিটাৰ নতুন পথৰ প্ৰস্তাৱ দিয়া হৈছে। নগাঁও- মৰিগাওঁ আৰু দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং হ’ব । শিলচৰ-শিলিগুড়িৰ মাজত এক্সপ্ৰেছ কৰিডৰ, কাছাৰৰ ডলু আৰু ৰূপসী বিমান বন্দৰৰ আধুনিকিকৰণ কৰিব চৰকাৰে । ইতিমধ্যে ইয়াৰ বাবে প্ৰয়োজনীয় ভূমি অধিগ্ৰহণ সন্দৰ্ভত ইতিমধ্যে কাম আৰম্ভ কৰিছে চৰকাৰখনে । ইফালে চৰকাৰখনে অহা ৫ টা বছৰত শক্তিখণ্ডত ৭৭,০০০ কোটি টকাৰ বিনিয়োগ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে সংবাদমেলখনত জানিবলৈ দিয়ে।
আনহাতে গুৱাহাটীত চেটেলাইট চিটি নিৰ্মাণৰ সন্দৰ্ভত তেওঁ কয় যে গুৱাহাটীত বৰঝাৰ বিমান বন্দৰৰ আশে পাশে ৭২০০ বিঘা মাটিত নতুন চেটেলাইট চিটি বিকাশ কৰিব চৰকাৰে। হাৰিয়ানাৰ গুড়গাওঁ, উত্তৰ প্ৰদেশৰ নয়দাৰ আধাৰত গুৱাহাটীতো নিৰ্মাণ কৰা হ’ব চেটেলাইট চিটি। অহা পাঁচ বছৰত ৬০০০ কোটি ব্যয় কৰি এই চিটি নিৰ্মাণ কৰা হ’ব। ইফালে এইবাৰ বাজেটত সন্তান জন্মৰ পিছত পিতৃৰ অংশগ্ৰহণক উতসাহিত কৰিবলৈ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে দুসপ্তাহৰ পিতৃত্বকালীন চুটি প্ৰদানৰো প্ৰস্তাৱ আগবঢ়াইছে। চৰকাৰে ৰাজ্যৰ প্ৰত্যেকখন উপ স্বাস্থ্য কেন্দ্ৰত এজনকৈ চিকিতসকক নিযুক্তি দিব। বৰ্তমান এনে স্বাস্থ্যকেন্দ্ৰত এ এন এম নাৰ্ছহে নিয়োজিত হৈ আছে। দেশৰ কোনো ৰাজ্যতে এই ব্যৱস্থা নায় আৰু অসমেই প্ৰথম ৰাজ্য হব এনে চিকিতসক নিযুক্তিৰ ক্ষেত্ৰত। ইফালে চৰকাৰে লক্ষ্য বান্ধি লোৱা ২ লাখ নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত ৩৩ হাজাৰ নিযুক্তি অহা ৫ বছৰৰ ভিতৰত কেৱল স্বাস্থ্য বিভাগতে দিয়া হ’ব। মিছন বসুন্ধৰা ৪ আৰম্ভ কৰা হ’ব।
ইফালে লাচিত বৰফুকন আৰু শ্বহীদ কুশল কোঁৱৰৰ ওপৰত এখন বিগ বাজেটৰ বাণিজ্যিক ভিত্তিত বোলছবি নিৰ্মাণ কৰা হ’ব। চৰকাৰে ১০০ ৰ পৰা ১৫০ কোটি টকা ব্যয়েৰে এই ছবিসমূহ নিৰ্মাণ কৰিব । তদুপৰি কাৰেংঘৰ, মধুপুৰ সত্ৰৰ প্ৰজেক্টৰ কাম, অসমৰ বিহুক ইউনেস্কোৰ হেৰিটেজ হিচাবে যাতে চিহ্নিত কৰিবপাৰি চৰকাৰখনে ইয়াৰো প্ৰচেষ্টা চলাব বুলিও মুখ্যমন্ত্ৰীয়ে কয় । চৰকাৰে বিদেশী ভাষা শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীক ডেৰ লক্ষ টকাৰ সাহাৰ্য্য প্ৰদান কৰিব। জাইকাৰ লগত মিলি চৰকাৰে চেমিকণ্ডাক্টৰ ইকোচিষ্টেম গঠন কৰিব। ছেমিকণ্ডাক্টৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োজনীয় সামগ্ৰী তথা পৰিবহনৰ যান বাহন আদিকে ধৰি সকলো ব্যৱস্থা যাতে আমাৰ থলুৱা উদ্যোগীয়ে যোগান ধৰিব পাৰে তাৰ ব্যৱস্থা কৰাৰ লগতে এনেদৰে ছেমিকণ্ডাক্টৰৰ বাবে মানৱ সম্পদ নিৰ্মাণ কৰিবলৈ এই একোচিষ্টেম গঢ়ি তোলা হ’ব।
ইফালে গুৱাহাটীৰ ৫ টা স্থানত পৰীক্ষামূলকভাৱে মাটিৰ তলেৰে বিদ্যুৎ তথা টেলিফোনৰ তাৰসমূহ অনাৰ ব্যৱস্থাৰো সূচনা কৰা হৈছে। ২০০ কোটি টকা ব্যৱসাপেক্ষে প্ৰথমতে গুৱাহাটীৰ ভৰলুমুখ, পল্টনবজাৰত আণ্ডাৰগ্ৰাউণ্ড কেবলৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে। ই সফ হলে আন ঠাইতো কৰা হব। ইফালে মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে পৰৱৰ্তী বছৰৰ পৰা মেধা ছাত্ৰীসকলক স্কুটি প্ৰদানৰ আচনিটোও নাথাকিব। ইয়াৰ পুঁজিসমূহ নিযুত মইনা আৰু নিযুত বাবু আচনিত প্ৰদান কৰা হ’ব বুলিও আজি মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত উল্লেখ কৰে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী