ৰঙিয়াৰ বালাগাঁৱত তীৰ খেলৰ কবলত কিশোৰ, যুৱকৰ পৰা আৰম্ভ কৰি বৃদ্ধ লোক
কামৰূপ, ১০ জুলাই (হি.স.)। ৰঙিয়াৰ গড়ভিতৰ বালাগাঁৱত তীৰ খেলৰ ৰমৰমীয়া বেহা । দোকানত বহি খোলা বজাৰত তীৰ খেলৰ টিকট বিক্ৰী । চকু মুদা কুলিৰ ভাওঁত আৰক্ষী প্ৰশাসন । নিজ ময়মতালিৰে তীৰ মাফিয়া চুলেমান আলীয়ে চলাই গৈছে তীৰ খেলৰ ৰমৰমীয়া বেহা । কিশোৰ, যুৱক
ৰঙিয়াৰ বালাগাঁৱত তীৰ খেলৰ কবলত কিশোৰ, যুৱকৰ পৰা আৰম্ভ কৰি বৃদ্ধ লোক


কামৰূপ, ১০ জুলাই (হি.স.)। ৰঙিয়াৰ গড়ভিতৰ বালাগাঁৱত তীৰ খেলৰ ৰমৰমীয়া বেহা । দোকানত বহি খোলা বজাৰত তীৰ খেলৰ টিকট বিক্ৰী । চকু মুদা কুলিৰ ভাওঁত আৰক্ষী প্ৰশাসন । নিজ ময়মতালিৰে তীৰ মাফিয়া চুলেমান আলীয়ে চলাই গৈছে তীৰ খেলৰ ৰমৰমীয়া বেহা । কিশোৰ, যুৱকৰ পৰা আৰম্ভ কৰি বৃদ্ধ লোকেও তীৰ খেলৰ টিকট ক্ৰয় কৰিছে ।

পৰিয়ালে বাধা দিলে কাজিয়াৰ সূত্ৰপাত হৈছে । আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ভূক্তভোগী পৰিয়ালে । আৰক্ষীক কেৰেপ নকৰে তীৰ মাফিয়া চুলেমান আলীয়ে । সেই ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত মুকলি বজাৰত বিক্ৰী কৰিছে তীৰ খেলৰ টিকট । আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande