
তামুলপুৰ, ১০ জুলাই (হি.স.)। তামুলপুৰ জিলাৰ নাওঁকাটাত হাবি জংঘলে আগুৰি ধৰিছে পানী যোগান আচনি। বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত ৰাইজ। বিগত প্ৰায় ৩০ বছৰে এটুপি বিশুদ্ধ খোৱা পানী নাপালে পশ্চিম নাওঁকাটাৰ ৰাইজে। নামতহে নিৰ্মাণ কৰা হৈছিল আঁচনিখন, কিন্তু বাস্তৱত আজিলৈকে বিশুদ্ধ খোৱা পানী লাভ কৰা নাই পশ্চিম নাওঁকাটাৰ বাসিন্দা সকলে।
স্থানীয় লোকৰ অভিযোগ অনুসৰি, আচনিখন তিনি বছৰৰ মূৰে মূৰে কেৱল ৰং তুলিকাৰে সজাই তোলা হয়। তাৰ পিছতো ৰাইজে পানী নাপায়।আচনি খনৰ নামত ৰাইজে ১ বিঘাতকৈ অধিক ভুমি দান দি আচনি খন বনাবলৈ স্থান দিছিল কিন্তু আজিও সেই ত্যাগৰ বিনিময়ত বিশুদ্ধ খোৱা পানীৰ সুবিধা লাভ কৰা নাই। দীৰ্ঘদিন ধৰি এই সমস্যাই জুৰুলা কৰি অহাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় বাসিন্দা সকলে। অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰি পশ্চিম নাওঁকাটাত নিয়মীয়াকৈ বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবলৈ আহ্বান জনাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ