
মাজুলী, ১০ জুলাই (হি.স.)। মাজুলীত অঙ্গনৱাড়ী কর্মী আৰু সহায়িকা সকলৰ উত্তাল প্ৰতিবাদ ।অসম ৰাজ্যিক অঙ্গনৱাড়ী কর্মী আৰু সহায়িকা সন্থাৰ আহ্বানত উজনি মাজুলী প্ৰকল্প কমিটিৰ উদ্যোগত বিভিন্ন সমস্যাৰ সমাধানৰ বাবে ক'লা দিৱস পালন।
অঙ্গনবাড়ী কর্মী-সহায়িকাৰ বাবে কেন্দ্রীয় বাজেটত ধন বৃদ্ধি কৰক।কর্মী-সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক।মাননিৰ সলনি মজুৰি প্ৰদান কৰক, ই এছ আই, পি এফ আৰু গ্ৰেছুয়েটি প্রদান কৰাৰ এই দাবীৰে উত্তাল কৰে মাজুলীৰ ৰাজপথ।অসমৰ অঙ্গনৱাড়ী আৰু কর্মী-সহায়িকাসকলে ৯৫ শতাংশ কেন্দ্ৰত অতি কষ্টৰে সৈতে তেওঁলোকৰ দায়িত্ব পালন কৰি আহিছে। আনকি ভাড়াতীয়া হিচাপত চলি থকা কেন্দ্ৰসমূহৰ ভাড়া যোৱা প্ৰায় চাৰিবছৰ ধৰি আদায় নিদিয়াত কর্মী-সহায়িকাসকলে বিভিন্ন সমস্যাত ভুগিছে । কেন্দ্ৰসমূহত শিশু, কিশোৰী আৰু গৰ্ভৱতী-প্রসুতি মহিলাৰ বাবে চৰকাৰে যোগান ধৰা খাদ্য সামগ্রীৰ লগতে শিশু সকলৰ খেল-ধেমালীৰ সমগ্ৰী, কিতাপ-বহী আদি সামগ্ৰীসমূহ প্রকল্প কার্যালয়ৰ পৰা নিজৰ নিজৰ কেন্দ্ৰসমূহলৈ গাড়ীৰে কঢ়িয়াই নিয়াৰ যাৱতীয় উপযুক্ত খা-খৰচৰ বিভাগীয় কৰ্তৃপক্ষই বহন নকৰাত কৰ্মীসকলৰ নানা সমস্যাৰ সন্মুখীন হয়।অসমৰ অঙ্গনৱাড়ী কর্মী-সহায়িকাসকলে দীৰ্ঘদিনধৰি দাবী কৰি অহা যুক্তিসংগত আৰু ন্যায়সংগত দাবীবোৰ বৰ্তমানলৈ বিভাগীয় কর্তৃপক্ষ অথবা চৰকাৰে পূৰণ কৰা নাই। এই সকলো সমস্যাৰ সমাধান বিচাৰি আজি প্ৰখৰ ৰদকো নেওচি ওলাই আহিল ৰাজপথলৈ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ