চুলাই মদৰ বিৰুদ্ধে প্ৰতিবাদত নামিল গোলকগঞ্জৰ মহিলা
ধুবুৰী, ১০ জুলাই (হি.স.)। চুলাই মদৰ বিৰুদ্ধে প্ৰতিবাদত নামিল গোলকগঞ্জৰ বিধায়ক তথা মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ গাঁও পঞ্চায়তৰ মহিলা । আগমনিৰ বিদ্যাৰডাবৰী প্ৰথম খণ্ড গাঁৱৰ জোৰবাৰী গাঁৱৰ মহিলা সকলে চুলাই মদৰ বিৰুদ্ধে অতিষ্ঠ হৈ নামিল প্ৰতিবাদত । দীৰ্ঘদ
চুলাই মদৰ বিৰুদ্ধে প্ৰতিবাদত নামিল গোলকগঞ্জৰ মহিলা


ধুবুৰী, ১০ জুলাই (হি.স.)। চুলাই মদৰ বিৰুদ্ধে প্ৰতিবাদত নামিল গোলকগঞ্জৰ বিধায়ক তথা মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ গাঁও পঞ্চায়তৰ মহিলা । আগমনিৰ বিদ্যাৰডাবৰী প্ৰথম খণ্ড গাঁৱৰ জোৰবাৰী গাঁৱৰ মহিলা সকলে চুলাই মদৰ বিৰুদ্ধে অতিষ্ঠ হৈ নামিল প্ৰতিবাদত । দীৰ্ঘদিনৰ পৰা গাওঁখনৰ চাৰি পাঁচ ঘৰ বিহাৰী লোকে দিনে নিশাই চুলাই মদ বিক্ৰী কৰি আহিছে । ফলত কোচ ৰাজবংশী অধ্যুষিত অঞ্চলটোত মহিলাসকলৰ মাজত এক ঘোৰ অশান্তি নামি আহিছে ।

পুৰুষসকলে নিতৌ বিহাৰী ঘৰত চুলাই মদ খাই মহিলা সকলক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মহিলাসকলে । প্ৰতিবাদকাৰী মহিলাসকলে ছাগলীয়া আৰক্ষী চকীত কেবাবাৰো অভিযোগ দিয়ে যদিওঁ আৰক্ষীয়ে মদ বিক্ৰী কৰা সকলৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ । ছাগলীয়া আৰক্ষী আৰু চুলাই মদ বিক্ৰী কৰা বিহাৰী সকলৰ মাজত গোপন বুজাবুজিৰ অভিযোগ উত্থাপন কৰে মহিলা সকলে । ফলত উপায়ন্তৰ হৈ শ শ মহিলা ঘৰৰ পৰা ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী মহিলাসকলে ছাগলীয়া আঞ্চলিক আক্ৰাছুক জোৰবাৰীৰ চুলাই মদৰ ঘাটি বন্ধ কৰাৰ ক্ষেত্ৰত সহায় বিচাৰে । স্থানীয় বিধায়ক অশ্বিনী ৰায় সৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিদ্যাৰডাবৰী প্ৰথম খণ্ড গাঁৱত বিক্ৰী কৰা চুলাই মদৰ ঘাটি উৎখাত কৰিবলৈ মহিলা সকলে কাতৰ অনুৰোধ জনায় । উল্লেখ্য যে, গোলকগঞ্জৰ বিধায়ক তথা মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ বাসভৱনৰ পৰা এক কিলোমিটাৰ দূৰত্বত এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী মহিলাসকলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande