
মৰিগাঁও, ১০ জুলাই (হি.স.)। ভুৰাগাঁওস্থিত চৰকাৰী ডাক বাংলাৰ(আই বি) জৰাজীৰ্ণ অৱস্থাত উপনীত হোৱাত স্থানীয় ৰাইজে শীঘ্ৰে পুনৰ নিৰ্মাণৰ কাৰনে অসম চৰকাৰক দাবী জনাইছে। চৰকাৰী বিষয়া, জনপ্ৰতিনিধি, ন্যায়াধীশ আৰু অন্যান্য চৰকাৰী অতিথিসকলে চৰকাৰী কামত ভ্ৰমণৰ সময়ত অস্থায়ীভাৱে থাকিবলৈ নিৰ্মাণ কৰা এই অতিথিশালাখন এতিয়া জৰাজীৰ্ণ হোৱা বুলি অভিযোগ উত্থাপন হৈছে।
স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, ডাক বাংলাৰ (আই বি)চৌহদ এতিয়া জংঘলত পৰিণত হৈছে। নিয়মীয়া চাফায়ৰ অভাৱত বিভিন্ন ঠাইত আবৰ্জনা পেলোৱা হৈছে আৰু সমগ্ৰ পৰিৱেশটো একপ্ৰকাৰ ডাষ্টবিনত পৰিণত হৈছে। ফলস্বৰূপে, চৰকাৰী অতিথিসকলৰ বাবে ভৱনখন ব্যৱহাৰৰ যোগ্য নহয় ৰাইজে কয় যে এনে গুৰুত্বপূৰ্ণ চৰকাৰী সম্পত্তি দীৰ্ঘদিন ধৰি অৱহেলিত হৈ থকাটো অতি দুৰ্ভাগ্যজনক। সচেতন ব্যক্তি এজনে সংশ্লিষ্ট বিভাগক অতি শীঘ্ৰে চৌহদ পৰিষ্কাৰ কৰা, জংঘল আঁতৰোৱা, প্ৰয়োজনীয় মেৰামতি আৰু ভৱনখন পুনৰ নিৰ্মাণৰ সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। সময়মতে ব্যৱস্থা গ্ৰহণ কৰা নহ'লে চৰকাৰী এই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিখন সম্পূৰ্ণৰূপে নষ্ট হোৱাৰ আশংকা থাকিব । সেয়েহে চৰকাৰ আৰু জিলা প্ৰশাসনে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি দ্ৰুত পদক্ষেপ লোৱাটো ৰাইজে দাবী জনাইছে |
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ