
নলবাৰী, ১০ জুলাই (হি.স.)। নলবাৰী জিলাৰ উত্তৰ নলবাৰীৰ কটাহকুছিত কালি সন্ধিয়া বন্যহস্তীৰ আক্ৰমণত এজন নিহত। ষাঠিৰ উৰ্ধৰ নিহত ব্যক্তিজনক অন্ন কলিতা বুলি জানিব পৰা গৈছে । নলবাৰীৰ পাগলাদিয়া নৈৰ পাৰত বনৰীয়া হাতীৰ জাকটোৱে বিচৰন কৰি আছিল । উক্ত ঘটনাৰ সময়ত কেইবাজনো লোক ঘটনাস্থলীত উপস্থিত আছিল ।
তিনি জনৰো অধিক লোকে হাতীৰ জাকটো দেখি নদীত জাপ দি কোনোমতে প্ৰাণ ৰক্ষা কৰে যদিও অন্ন কলিতা নামৰ বৃদ্ধ লোকজন পলাৱ নোৱাৰাৰ বাবে হাতীৰ জাকটোৱে আক্ৰমণ কৰে আৰু গচকিনিহত কৰে। পিছত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি নিয়মমাফিক মৰোণত্তৰ পৰীক্ষা কৰিবলৈ নলবাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ