
শিৱসাগৰ, ১০ জুলাই (হি.স.)। আমগুৰিত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন। নগাআলি-হাতীমুৰীয়া গাঁৱৰ ধোদৰ আলিত সংঘটিত হয় উক্ত দুৰ্ঘটনা। এমজে-০১ভি-৩৬৮৯ নম্বৰৰ ডাম্পাৰৰ খুন্দাত নিহত ৰঞ্জিত ওজা । বৰাহীবাৰী গায়েন গাঁওৰ নিৱাসী নিহত ৰঞ্জিত ওজা । এএছ ০৪-এক্স-৮৯৬৩ নম্বৰৰ টিভিএছ বাইকেৰে গৃহ অভিমুখে গৈ থকা অৱস্থাত পিছফালৰ পৰা ডাম্পাৰে খুন্দা মৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো।
ঘটনাৰ পিছতেই আমগুৰি আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খন জব্দ কৰে। নিহত ব্যক্তিজনক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ