নগাঁৱৰ বেবেজীয়া স্থিত স্বাস্থ্য কেন্দ্ৰৰ চৌহদত থকা প্ৰায় ১৮ ডালকৈ ওখ গছত কেইবা শ শামুকভঙা চৰাইৰ আশ্ৰয়
নগাঁৱ, ১০ জুলাই (হি.স.)। নগাঁৱৰ বেবেজীয়াত দেখিবলৈ পোৱা গৈছে প্ৰকৃতিৰ এক মনোমোহা ৰূপ। শামুকভঙা চৰাইৰ কলকলনিত মুখৰিত হৈছে বেবেজীয়াৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ চৌহদ। চিকিৎসালয় খনত থকা প্ৰায় ১৮ ডালকৈ ওখ গছত আশ্ৰয় শামুকভঙা চৰাইৰ। প্ৰায় সহস্ৰাধিক
নগাঁৱৰ বেবেজীয়া স্থিত স্বাস্থ্য কেন্দ্ৰৰ চৌহদত থকা প্ৰায় ১৮ ডালকৈ ওখ গছত কেইবা শ শামুকভঙা চৰাইৰ আশ্ৰয়


নগাঁৱ, ১০ জুলাই (হি.স.)। নগাঁৱৰ বেবেজীয়াত দেখিবলৈ পোৱা গৈছে প্ৰকৃতিৰ এক মনোমোহা ৰূপ। শামুকভঙা চৰাইৰ কলকলনিত মুখৰিত হৈছে বেবেজীয়াৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ চৌহদ। চিকিৎসালয় খনত থকা প্ৰায় ১৮ ডালকৈ ওখ গছত আশ্ৰয় শামুকভঙা চৰাইৰ।

প্ৰায় সহস্ৰাধিক শামুকভঙা চৰায়ে জীপাল কৰি ৰাখিছে চিকিৎসালয় খনৰ চৌহদৰ লগতে অঞ্চলটো।

চিকিৎসালয় খনলৈ প্ৰৱেশ কৰোতেই প্ৰতি গৰাকী ব্যক্তিৰ দৃষ্টি নিবদ্ধ হয় সেই গছকেইজোপাত। য'ত সহৱস্থান কৰিছে সহস্ৰাধিক শামুকভঙা চৰাইয়ে। উল্লেখযোগ্য যে বিগত কেইবা বছৰো ধৰি গ্ৰীষ্ম কালৰ সময়ত জুন মাহৰ পৰা চৰাই সমূহ আহি বেবেজীয়া সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ চৌহদত থকা গছ সমূহত আশ্ৰয় লয়হি আৰু শীতৰ আগমনৰ লগে নবেম্বৰ মাহত গুচি যায়।

চিকিৎসালয় খনৰ কৰ্মচাৰী সকলৰ মতে জুনৰ পৰা নৱেম্বৰ পৰ্যন্ত এই সময়ছোৱাত শামুকভঙা চৰাই সমূহে কণী পৰাৰ লগতে পোৱালি জন্ম দিয়ে। জুন মাহৰ পৰা নৱেম্বৰ মাহ পৰ্যন্ত চিকিৎসালয় খনৰ চৌহদত এক নান্দনিক পৰিবেশে বিৰাজ কৰে। চৰাই সমূহ পৰ্যবেক্ষণ কৰিবলৈ ছাত্ৰ -ছাত্ৰী সকলৰ লগতে দূৰ দূৰণিৰ পৰা প্ৰকৃতিপ্ৰেমী উক্ত স্থানত উপস্থিত হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande