
গুৱাহাটী, ১০ জুলাই (হি.স.)। চলিত বৰ্ষৰ জুন মাহৰ সময়চোৱাত উত্তৰ-পূব সীমান্ত ৰেলৱেই যাত্ৰীৰ টিকট পৰীক্ষণৰ দিশত উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে, যাৰ দ্বাৰা স্বচ্ছ টিকেটিং পদ্ধতি, টিকটবিহীন ভ্ৰমণ ৰোধ কৰা আৰু প্ৰকৃত যাত্ৰীসকলৰ বাবে ন্যায়সংগত ভ্ৰমণ পৰিৱেশ গঢ়ি তোলাৰ দিশত উত্তৰ-পূব সীমান্ত ৰেলৱেই অবিৰত প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। সমগ্ৰ মণ্ডলজুৰি ষ্টেচন আৰু চলমান ৰে'লসমূহত চলোৱা বিস্তৃত টিকট পৰীক্ষণ অভিযানত চলিত বৰ্ষৰ জুন মাহত সৰ্বমুঠ ১,১৪,৬৩৩ জন টিকট বিহীন অথবা অনিয়মীয়া টিকটত ভ্ৰমণ কৰা যাত্ৰী ধৰা পৰে যি তুলনামূলকভাৱে, বিগত বৰ্ষৰ জুন মাহত ৯১,৭১৭ জন টিকটবিহীন যাত্ৰীৰ তুলনাত অৰ্থাত প্ৰায় ২৫% বৃদ্ধি পৰিলক্ষিত হৈছে।
এই ধাৰাবাহিক অভিযানৰ পৰিণামস্বৰূপে চলিত বৰ্ষৰ জুন মাহত ভাড়া আৰু অতিৰিক্ত মাচুল বাবদ মুঠ ১৪.৪৪ কোটি টকা আদায় কৰা হয় যি বিগত বৰ্ষৰ জুন মাহত আদায় কৰা ৯.১০ কোটি টকাতকৈয়ো অধিক আৰু তাৎপর্যপূর্ণভাৱে ৰাজহৰ প্ৰায় ৫৯% বৃদ্ধি পৰিলক্ষিত হয়। ধৰা পৰা যাত্ৰীৰ ভিতৰত ৮১,৭৪৪ জন টিকটবিহীনভাৱে ভ্ৰমণ কৰা যাত্ৰী আছিল, যাৰ পৰা ১১.৮৫ কোটি টকাৰ ভাড়া আৰু অতিৰিক্ত মাচুল আদায় কৰা হয়। আনহাতে, ৩২,৮৮৯ জন অনিয়মীয়া টিকটত ভ্ৰমণ কৰা যাত্ৰীৰ পৰা ২.৫৯ কোটি টকা ৰাজহ সংগ্ৰহ কৰা হয়। ইয়াৰ উপৰিও, নন পেনাল্টি ভ্ৰমণৰ বাবদ জুন মাহত ৪৬.৮৪ লাখ টকা আদায় কৰা হয় । লাগেজ পৰীক্ষণৰ জৰিয়তেও ৰে'লৱেৰ লাগেজ বুকিং আইনৰ পালন নিশ্চিত কৰাৰ বাবেও ৰাজহ বৃদ্ধিত গুৰুত্বপূৰ্ণ অৰিহণা প্ৰাপ্ত কৰা হয়।
জুন মাহৰ সময়চোৱাত এই সফল অভিযানৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ উত্তৰ-পূৰ্ব্বাঞ্চলৰ অঞ্চলজুৰি ৩৭৭ টা বিশেষ টিকট পৰীক্ষণ অভিযান চলোৱা হয়, যি বিগত বৰ্ষৰ জুন মাহৰ সময়চোৱাত ৩৪৯ টা অভিযানতকৈ অধিক। টিকট পৰীক্ষকসকলে এই সময়ছোৱাত ৩,২৮৯ খন ৰে'লত টিকট পৰীক্ষণ অভিযান চলায়, যি পূৰ্ববৰ্ষৰ এই একেই সময়ছোৱাত অভিযান চলোৱা ২,২১৭ খন ৰে'লতকৈ যথেষ্ট অধিক। ইয়াৰ জৰিয়তে ৰাজহৰ সুৰক্ষা আৰু সতৰ্কতা বৃদ্ধিৰ ক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ কেন্দ্ৰীভূত গুৰুত্বকেই প্ৰতিফলিত কৰিছে।
২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহৰ (এপ্ৰিলৰ পৰা জুন পৰ্যন্ত) সামগ্ৰিক ফলাফলো যথেষ্ঠ উৎসাহজনক। এই সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰেলৱেই টিকট বিহীন আৰু অনিয়মীয়া টিকটত ভ্ৰমণৰ বাবদ ৩,৩৫,০৪০ টা ঘটনা ধৰা পেলাই ৩৯.৫৬ কোটি টকা ভাড়া আৰু অতিৰিক্ত মাচুল সংগ্ৰহ কৰিছে, যি তুলনামূলকভাৱে, ২০২৫-২৬ বৰ্ষৰ এই একেই সময়ছোৱাত ২,৩৭,২৫৬ টা ঘটনা ধৰা পৰিছিল আৰু ২২.৭৮ কোটি টকা সংগ্ৰহ কৰা হৈছিল। ইয়াৰ উপৰিও, নন পেনাল্টি ভ্ৰমণৰ বাবদ এই তিনিমাহত ১.৪২ কোটি টকা আদায় কৰা হৈছে, যিয়ে টিকট পৰীক্ষণ ব্যৱস্থাৰ অবিৰত সফলতাক প্ৰতিফলিত কৰিছে।
এই সফলতাসমূহে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ বাণিজ্যিক বিভাগ, টিকট পৰীক্ষণ ষ্টাফ আৰু ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলৰ নিষ্ঠা আৰু একাগ্ৰতাকে প্ৰতিফলিত কৰিছে যিসকলে নিয়মীয়াকৈ আকষ্মিক পৰিদৰ্শন আৰু বিশেষ অভিযান চলাই টিকটবিহীন আৰু অনিয়মীয়া টিকটত ৰেল ভ্ৰমণ নিৰুৎসাহিত কৰি আহিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱে পুনৰবাৰ সকলো যাত্ৰীকে বৈধ টিকটত ভ্ৰমণ কৰিবলৈ, ভ্ৰমণৰ সঠিক অনুমোদনপত্ৰ লগত নিবলৈ আৰু ৰে'লৱে আইন অনুসৰি অতিৰিক্ত লাগেজ বুকিং কৰিবলৈ আহ্বান জনাইছে। যাত্ৰীসকলৰ এনে সহযোগিতাই সকলোৰে বাবে অধিক সুৰক্ষিত, স্বচ্ছ আৰু আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰাৰ লগতে ৰে'ল পৰিচালনৰ দিশত কাৰ্যদক্ষতা আৰু আৰ্থিক বহনক্ষমতাক যথেষ্ট শক্তিশালী কৰাৰ দিশত সহায় কৰিব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী