
তিনিচুকিয়া, ১০ জুলাই (হি.স.)। ডিগবৈ বৰবিলস্থিত হিন্দু মিলন মন্দিৰৰ সমীপত এগৰাকী বৃদ্ধাৰ মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ।
মৃত মহিলা গৰাকীৰ নাম
নীহাৰ বালা দে (৮৭)।
মহিলা গৰাকীক পুত্ৰ কানু দে হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।
আজি পুৱা নিজ বাসগৃহত মৰিয়াই মৰিয়াই হত্যা কৰাৰ সন্দেহ স্থানীয় প্ৰতিবেশীৰ।
ঘটনাস্থলীত উপস্থিত ডিগবৈ সম জিলা আৰক্ষী অধীক্ষক হিমাংশু গোহাই উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
মৃত মহিলা গৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা