
গুৱাহাটী, ১০ জুলাই(হি.স.)।শুকুৰবাৰে বশিষ্ট আৰক্ষীৰ অভিযানত প্ৰায় ৩ কেজি গাঞ্জা জব্দ কৰা হৈছে। গোচৰৰ সৈতে জড়িত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা বুলি বশিষ্ট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকী জনায়। ড্ৰাগছ সৰবৰাহকাৰী মহিলা গৰাকীক ছয়গাঁৱৰ বাসিন্দা সুৰুতি বেগম বুলি জানিব পৰা গৈছে।
আৰক্ষী সংবাদ মাধ্যমক অবগত কৰা অনুসৰি, ড্ৰাগছ বিৰোধী অভিযানৰ সময়ত বশিষ্ঠ থানাৰ সীমাৰ অন্তৰ্গত নিউ মাৰ্কেট অঞ্চলৰ এটা ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে নিষিদ্ধ সামগ্ৰী।
চোৰাংচোৱাৰ পৰা লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীৰ এটা দলে চৌহদত তালাচী চলাই গাঞ্জা উদ্ধাৰ কৰে। ঘটনাস্থলীতে মহিলা গৰাকীক আটক কৰা হয়।
আৰক্ষীৰ অধিক তদন্ত অব্যাহত আছে, আৰু জব্দকৃত গাঞ্জাৰ উৎস বিচাৰি মহিলা গৰাকীক জেৰা চলাই থকা হৈছে বুলি আৰক্ষী অবগত কৰে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ