
শোণিতপুৰ, ১০ জুলাই (হি.স.)। গীত -মাত, সংগীত সকলো ক্ষেত্ৰতে স্হুলতাৰ পয়োভৰ, অৰুচিশীল কৰ্মকাণ্ডৰ বাবে আমাৰ শিপাৰ সৈতে সংপৃক্ত হৈ থকা আৰু আজিও অসমৰ চহকী কৃষ্টি -সংস্কৃতিক সমৃদ্ধ কৰি ৰখা গীত -মাত সমূহৰ চৰ্চা নতুন প্ৰজন্মৰ মাজত ক্ৰমশঃ কমি অহাৰ মাজতে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ে আমাৰ লোকজীৱনক আজিও সমৃদ্ধ কৰি ৰখা চিৰসেউজ, সোণসেৰীয়া গীত মাত সমূহ নতুন প্ৰজন্মৰ পাথেয় কৰি তুলিবলৈ গ্ৰীষ্মকালীন বন্ধৰ সময়চোৱাত আয়োজন কৰি অহা কৰ্মশালাৰ মাজতে এইবাৰ আয়োজন কৰা বনগীতৰ কৰ্মশালাৰ সামৰণি পৰে ।
তেজপুৰৰ প্ৰবীণ কন্ঠশিল্পী কল্পনা কলিতাই প্ৰশিক্ষণ প্ৰদান কৰা এই কৰ্মশালাখনত সংগীতশিল্পী যোগেন হাজৰিকা আৰু প্ৰীতম নাথে সহযোগিতা আগবঢ়োৱাৰ পিছত কালি সামৰণি অনুষ্ঠানত প্ৰশিক্ষক সকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় । বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, উপসভাপতি ভৱানন্দ দাস, মৃগেন চন্দ্র বড়া, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, সম্পাদক পংকজ বৰুৱা, সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, প্ৰাক্তন সংগীতাধিকাৰ জিন্টু বৰঠাকুৰ, কোষাধ্যক্ষ জ্যোতি প্ৰসাদ গোস্বামী, লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা কুঞ্জমা বৰদলৈ বৰা, শিক্ষক -শিক্ষয়িত্ৰী সকলৰ উপস্থিতিত সামৰণি অনুষ্ঠানত প্ৰশিক্ষক সকলে পৰিবেশন কৰে দুটিকৈ বনগীত।
আনহাতে সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত প্ৰশিক্ষক কল্পনা কলিতাই নিজৰ অনুভৱ সদৰি কৰাৰ উপৰি লক্ষ্মীৰাম বৰুৱা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষা কুঞ্জমা বৰদলৈ বৰা আৰু সভাপতি বংকিম শৰ্মাই ভাষণ প্ৰদান কৰাৰ পিছতেই প্ৰশিক্ষাৰ্থী সকলক উপস্থিত বাণ থিয়েটাৰৰ বিষয়ববীয়া সকলে কৰ্মশালাত অংশগ্ৰহণ কৰা যুৱতী -মহিলাৰ পৰা শিশু লৈকে ১৮ গৰাকীক মানপত্ৰ প্ৰদান কৰা হয় ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ