
ধুবুৰী, ১০ জুলাই (হি.স.)। ধুবুৰীৰ গৌৰীপুৰত কথক নৃত্যৰ ওপৰত পাঁচ দিনীয়া কৰ্মশালা আৰম্ভ।
গৌৰীপুৰৰ অগ্ৰণী সাংস্কৃতিক সংগঠন মঞ্জিৰা নৃত্যশালাৰ উদ্যোগত উক্ত কথক নৃত্যৰ কৰ্মশালা আৰম্ভ হৈছে।
ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ আৰু আগমনিকে ধৰি বিভিন্ন অঞ্চলৰ পৰা ছাত্ৰ-ছাত্ৰী সকলে উক্ত কথক নৃত্যত অংশ লৈছে।
ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ভাৰতীয় সংস্কৃতিৰ ঐতিহ্য আৰু কথক নৃত্যৰ বিষয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত বিলাই দিয়াটোৱে উক্ত কৰ্মশালাৰ মূল উদ্দেশ্য।
এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে আছে মঞ্জিৰা নৃত্যশালাৰ প্ৰতিষ্ঠাপক হিমাশ্ৰী শৰ্মা আৰু ত্ৰিপুৰাৰ পৰা অহা প্ৰশিক্ষক গৌতম দাস।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা