খাইবাৰ পাখতুনখোৱাৰ কাৰাকত আৰক্ষীৰ এনকাউণ্টাৰ: চাৰিজন সন্দেহযুক্ত সন্ত্ৰাসবাদী নিহত
ইছলামাবাদ, ১০ জুলাই (হি.স.)। পাকিস্তানৰ অশান্ত খাইবাৰ পখতুনখোৱা প্ৰদেশৰ কাৰাক জিলাৰ খাট্টক বান্ধ অঞ্চলত কাৰাক আৰক্ষী, কোহাট আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ যৌথ চোৰাংচোৱা অভিযানৰ সময়ত চাৰিজন সন্দেহযুক্ত সন্ত্ৰাসবাদী নিহত হয়। দুনিয়া নিউজৰ এক প্ৰতিবেদ
8d569333abbc9e26646dc6a398891324_1471101189.jpg


ইছলামাবাদ, ১০ জুলাই (হি.স.)। পাকিস্তানৰ অশান্ত খাইবাৰ পখতুনখোৱা প্ৰদেশৰ কাৰাক জিলাৰ খাট্টক বান্ধ অঞ্চলত কাৰাক আৰক্ষী, কোহাট আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ যৌথ চোৰাংচোৱা অভিযানৰ সময়ত চাৰিজন সন্দেহযুক্ত সন্ত্ৰাসবাদী নিহত হয়।

দুনিয়া নিউজৰ এক প্ৰতিবেদন অনুসৰি খট্টক বান্ধ অঞ্চলত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীক দেখা পাই গুলীচালনা কৰে। প্রতিশোধমূলক আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ কার্যত নিহত হয় চাৰিজন সন্ত্ৰাসবাদী। ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰা হয়। আৰক্ষী বিষয়াসকলে জনোৱা মতে, এই সন্ত্ৰাসবাদীসকলে শেহতীয়াকৈ নিহত হোৱা সন্ত্ৰাসবাদী সেনাধ্যক্ষ জাহিদৰ সৈতে বাস কৰিছিল।

বিষয়াসকলৰ মতে, বেলুচিস্তান আৰু খাইবাৰ পখতুনখোৱা হৈছে পাকিস্তানৰ সন্ত্ৰাসবাদৰ প্ৰভাৱত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত প্ৰদেশ। কালি বেলুচিস্তানৰ এন-২৫ ঘাইপথত সামৰিক অভিযানৰ সময়ত কমেও ১৯জন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে ১১জন নিৰাপত্তাৰক্ষী শ্বহীদ হয়। ঝাও ক্ৰছ আৰু কাৰোৰ মাজত এই অভিযান। এই সন্ত্ৰাসবাদীসকল ইয়াত ধন দাবীৰ লগত জড়িত আছিল। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ পাকিস্তানে আৰম্ভ কৰিছে অপাৰেচন গাজাব লিল-হক।

বিষয়াসকলৰ মতে, এই অভিযানত আফগান তালিবানৰ কেইবাজনো সদস্য আৰু সমৰ্থক সন্ত্ৰাসবাদী নিহত হৈছে। আন্তঃসেৱা জনসংযোগৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে কয় যে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীক পূৰ্ণ শক্তিৰে নিৰ্মূল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

--------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande