
নতুন দিল্লী, ১০ জুলাই (হি.স.)। ভাৰত আৰু অষ্ট্ৰেলিয়াই ভাৰতৰ পৰম্পৰাগত জ্ঞান ডিজিটেল পুথিভঁৰাল (টিকেডিএল) সন্দৰ্ভত এক উল্লেখযোগ্য চুক্তি স্বাক্ষৰ কৰিছে। বৃহস্পতিবাৰে মেলবৰ্ণত অনুষ্ঠিত তৃতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়।
শুকুৰবাৰে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে জনাইছে যে অষ্ট্ৰেলিয়াৰ সৈতে এই চুক্তিৰ জৰিয়তে ১৮খন দেশৰ পেটেণ্ট কাৰ্যালয়ে এতিয়া টিকেডিএলৰ সুবিধা লাভ কৰিছে। টিকেডিএলৰ সহায়ত ভাৰতীয় পৰম্পৰাগত জ্ঞানৰ ওপৰত ভিত্তি কৰি ৩৭৫টাতকৈও অধিক পেটেণ্ট আবেদন বিশ্বজুৰি বাতিল, নাকচ, সংশোধন বা প্ৰত্যাহাৰ কৰা হৈছে। এই চুক্তিয়ে ভাৰতৰ সাংস্কৃতিক আৰু পৰম্পৰাগত ঐতিহ্যক সুৰক্ষিত কৰাই নহয় বৌদ্ধিক সম্পত্তিৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সহযোগিতাও শক্তিশালী কৰিব।
এই চুক্তিৰ অধীনত অষ্ট্ৰেলিয়াৰ পেটেণ্ট অফিচে এতিয়া ভাৰতৰ টি কে ডি এল ডাটাবেছত প্ৰৱেশ কৰিব পাৰিব। যেতিয়াই কোনো নতুন ঔষধ, চিকিৎসা, বা পৰম্পৰাগত জ্ঞানৰ পেটেণ্ট আবেদন লাভ কৰা হয়, তেতিয়াই বিষয়াসকলে প্ৰথমে টিকেডিএলত থকা তথ্যসমূহ পৰীক্ষা কৰি নিৰ্ণয় কৰিব যে ই ইতিমধ্যে ভাৰতৰ পৰম্পৰাগত জ্ঞানৰ অংশ নেকি। যদি সঁচা বুলি ধৰা পৰে তেন্তে নতুন পেটেণ্ট প্ৰদান কৰা নহ’ব।
উল্লেখযোগ্য যে টি কে ডি এল হৈছে ভাৰতৰ এক অনন্য ডিজিটেল ডাটাবেছ, যিটো ২০০১ চনত চি এছ আই আৰ আৰু আয়ুছ মন্ত্ৰালয়ে যৌথভাৱে প্ৰস্তুত কৰিছিল । ইয়াৰ উদ্দেশ্য হৈছে ভাৰতীয় পৰম্পৰাগত চিকিৎসা ব্যৱস্থা আৰু জ্ঞান, যেনে আয়ুৰ্বেদ, যোগ, ইউনানি, সিদ্ধ আৰু সোৱা ৰিগপাক সুৰক্ষিত কৰা, আৰু ইয়াৰ অকৰ্তৃত্বশীল পেটেণ্টিং ৰোধ কৰা।
এই তথ্যকোষত ৫.২ লাখৰো অধিক পৰম্পৰাগত প্ৰেছক্ৰিপচন আৰু চিকিৎসা পদ্ধতি সন্নিবিষ্ট কৰা হৈছে। ইংৰাজী, জাৰ্মান, ফৰাচী, জাপানী, স্পেনিছ আদি ভাষাতো উপলব্ধ, যাৰ ফলত বিশ্বজুৰি পেটেণ্ট পৰীক্ষকসকলে ইয়াক সহজে বুজিব পাৰে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ