জিলা প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো অবৈধভাৱে মৎস্য চিকাৰ, বজাৰত বিক্ৰী হৈ আছে কণীযুক্ত মাছ
–বিহগুৰিৰ তিনিখৰীয়া এৰাসুঁতিত কাৰ্য্যবাহী দণ্ডাধীশৰ উপস্থিতিত মীন বিভাগৰ অভিযান –নাও ,জাল আৰু বুজন পৰিমাণৰ থলুৱা মাছসহ আটক মছুৱৈক –দুই মহলদাৰৰ বিৰুদ্ধ গোচৰ ৰুজু শোণিতপুৰ, ১০ জুলাই (হি.স.)। বাৰিষাৰ আগমনৰ এই সময়ছোৱাত যিকোনো নদ, নদী, প্ৰাকৃতিক হোলা
জিলা প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো অবৈধভাৱে মৎস্য চিকাৰ


জিলা প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো অবৈধভাৱে মৎস্য চিকাৰ


–বিহগুৰিৰ তিনিখৰীয়া এৰাসুঁতিত কাৰ্য্যবাহী দণ্ডাধীশৰ উপস্থিতিত মীন বিভাগৰ অভিযান

–নাও ,জাল আৰু বুজন পৰিমাণৰ থলুৱা মাছসহ আটক মছুৱৈক

–দুই মহলদাৰৰ বিৰুদ্ধ গোচৰ ৰুজু

শোণিতপুৰ, ১০ জুলাই (হি.স.)। বাৰিষাৰ আগমনৰ এই সময়ছোৱাত যিকোনো নদ, নদী, প্ৰাকৃতিক হোলা, বিল, খাল আদিত মৎস্য চিকাৰ শোণিতপুৰ জিলা প্ৰশাসনে নিষিদ্ধ ঘোষণা কৰাৰ পিছতো বিভিন্ন প্ৰান্তত কণীযুক্ত মাছ যিকোনো মাছধৰা সঁজুলিৰে চিকাৰ কৰি বজাৰত গোপনে বা মুকলিকৈয়েই বিক্ৰী হৈ আহিছে । কণীযুক্ত গাভিনী মাছ বজাৰৰ পৰা ক্ৰয় কৰিবলৈ সচেতন লোক সকলেও কুন্ঠাবোধ নকৰাৰ বাবেই প্ৰশাসনৰ নিষেধাজ্ঞা থকাৰ পিছতো গোপনে চলি থকা মৎস্য চিকাৰৰ বিৰুদ্ধে শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ তৎপৰতাত জিলা প্ৰশাসনে অভিযান অব্যাহত ৰখাৰ কালত আজি বৰছলা সমষ্টিৰ বৃহত্তৰ বিহগুৰি অঞ্চল তিনিখৰীয়া এৰা সূঁতিত ব্ৰক্ষ্মপুত্ৰৰ পানীযুঁৱলীত মহলদাৰৰ নিৰ্দেশত মছুৱৈয়ে জালেৰে কণীযুক্ত মাছ ধৰি থকা অৱস্থাত হাতে লোটে ধৰা পেলাবলৈ সক্ষম হয় ।

শোণিতপুৰ জিলাৰ সহকাৰী আয়ুক্ত তথা কাৰ্য্যবাহী দণ্ডাধীশ জানে আলমৰ নেতৃত্বত জিলা মীন বিভাগৰ এটা অভিযানকাৰী দলে এখন নাৱৰে জাল লৈ মৎস্য চিকাৰ কৰি থকা অৱস্থাতে নগাঁও জিলাৰ নতুন চুখৰি অঞ্চলৰ আবু চাম নামৰ মছুৱৈটোক বুজন পৰিমাণৰ থলুৱা মাছসহ হাতে লোটে ধৰি স্থানীয় বিহগুৰি আৰক্ষীক চমজ দিয়ে ।উল্লেখ্য যে মছুৱৈ আবু চামক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন কাঠৰ নাওঁ আৰু এখন জাল জব্দ কৰা বুলি সহকাৰী আয়ুক্ত জানে আলমে জানিবলৈ দিয়াৰ লগতে এই অবৈধ মৎস্য চিকাৰৰ সৈতে জড়িত মহলদাৰ কৃষ্ণ দাস আৰু ক্ষিতিশ দাসৰ বিৰুদ্ধে মীন আইন উলংঘাৰ এক গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিয়ে ।

আনহাতে জিলা আয়ুক্ত গৰাকীয়ে কণীযুক্ত মাছ ধৰা খবৰ লাভ কৰাৰ লগে লগেই জিলা প্ৰশাসনে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বজাৰত কণীযুক্ত মাছ বিক্ৰী হোৱাৰ উমান পালে বিক্ৰেতাৰ ওপৰতো আইনগ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande