
বৰপেটা, ১০ জুলাই (হি.স.)। বাঘবৰৰ মিলিজুলিত কালি সন্ধিয়া অবৈধ সুৰাৰ ঘাটি উৎখাত।এক গোপন সূত্ৰৰ পম খেদি বাঘবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃঞ্চকান্ত বৰদলৈৰ নেতৃত্বত অহা এটি আৰক্ষীৰ সজাতি দলে মিলিজুলি বজাৰৰ গাত লাগি থকা ছাহজাহান আলীৰ বাসগৃহৰ পৰা বুজন পৰিমাণৰ বিলাতি সুৰা জব্দ কৰে।
চোতালৰ মাটিৰ তলত গাত খান্দি পুতি ৰাখিছিল বৃহৎ পৰিমাণৰ দেশী আৰু বিলাতী সুৰা। একাংশ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ সুৰা।বিভিন্ন ব্ৰেণ্ডৰ জব্দকৃত সুৰা খিনি বাঘবৰ আৰক্ষী থানালৈ লৈ যায় যদিও এতিয়ালৈকে আৰক্ষীয়ে অবৈধ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ