
যোৰহাট, ১০ জুলাই (হি.স.)। যোৰহাট বৰুৱা চাৰিআলিৰ উৰণ সেতুৰ ওপৰত ভয়ংকৰ হিত এণ্ড ৰাণৰ ঘটনা ।তীব্ৰবেগী এখন 'লা স্কৰপিয়' বাহনে প্ৰচণ্ড বেগত খুন্দা মাৰে এএছ ০৫জে ৯৮৮৪ নম্বৰৰ এখন বুলেটত। বাইক চালক যুৱক জনক চোঁচৰাই লৈ যায় স্কৰপিঅ বাহনখনে আৰু নগৰৰ বৰুৱা চাৰি আলিৰ দিশেৰে স্কৰপিঅ' বাহন খন পলায় যায়।
গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।বুলেট আৰোহী যুৱক জনৰ ঘৰ ভোগদৈ দলঙৰ সমীপত বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ