
নগাঁও, ১০ জুলাই (হি.স.)। চামগুৰিৰ গটঙাত হিট এণ্ড ৰাণৰ ঘটনা।বহু দূৰ চোঁচৰাই নিয়ে মটৰচাইকেল আৰোহীক।কথমপি প্ৰাণ ৰক্ষা মাতৃ সন্তানৰ।ঘটনা সংঘটিত কৰা বাহন খনক আবদ্ধ কৰিবলৈ যোৱা মটৰচাইকেল আৰোহী জনক প্ৰায় ৩০০ মিটাৰ আঁতৰলৈ নিয়ে চোঁচৰাই।
ঘটনাস্থলীত কলিয়াবৰ সমজিলা আৰক্ষী অধীক্ষক উপস্থিত। উপস্থিত হৈ আৰক্ষীৰ বাহনতে চিকিৎসালয়লৈ প্ৰেৰণ কৰে আঘাতপ্ৰাপ্ত আটাইকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ