
নতুন দিল্লী, ১০ জুলাই (হি.স.)। অনুজ্ঞাপত্ৰ আৰু চিকিৎসকৰ প্ৰেছক্ৰিপচন অবিহনে আৰু বজাৰত উপলব্ধ নহ’ব অধিক পৰিমাণৰ এলক’হলযুক্ত ঔষধ। কেন্দ্ৰীয় চৰকাৰে ড্ৰাগছ ৰুলছ, ১৯৪৫ সংশোধন কৰি উচ্চ পৰিমাণৰ এলক’হল (ইথাইল এলক’হল) থকা ড্ৰাগছৰ বিক্ৰী আৰু বিতৰণৰ ক্ষেত্ৰত কঠোৰ নিয়ম আৰোপ কৰিছে। এই নিয়মৰ অধীনত ১২%তকৈ অধিক ইথাইল এলক’হল আৰু ৩০ মিলিলিটাৰতকৈ অধিক আয়তন থকা সকলো ঔষধ প্ৰস্তুতি আৰু পূৰ্বৰ দৰে সূচীৰ পৰা ৰেহাই দিয়া নহ’ব। অৰ্থাৎ এই ঔষধসমূহ প্ৰস্তুত আৰু বিক্ৰীৰ বাবে এতিয়া অনুজ্ঞাপত্ৰ বাধ্যতামূলক হ’ব।
চৰকাৰে এই ঔষধসমূহ অনুসূচী এইচ১ (H1) ত অন্তৰ্ভুক্ত কৰিছে। অৰ্থাৎ এই ঔষধসমূহ এতিয়া পঞ্জীয়নভুক্ত চিকিৎসকৰ প্ৰেছক্ৰিপচনতহে বিক্ৰী কৰিব পাৰিব। মেডিকেল ষ্ট’ৰসমূহেও নিজৰ বিক্ৰীৰ সম্পূৰ্ণ ৰেকৰ্ড ৰাখিব লাগিব। এই পদক্ষেপৰ লক্ষ্য হৈছে এনে ড্ৰাগছৰ অপব্যৱহাৰ ৰোধ কৰা আৰু জনস্বাস্থ্যৰ উন্নত সুৰক্ষা।
স্বাস্থ্য মন্ত্ৰালয়ে আজি প্ৰকাশ কৰা তথ্য অনুসৰি কিছুমান ঔষধি প্ৰস্তুতি, যেনে ইলাচি, আদা, আৰু অন্যান্য সুগন্ধি টিংচাৰত ৮০–৯০ শতাংশ পৰ্যন্ত ইথাইল এলক’হল থাকে। কেইবাখনো ৰাজ্যৰ পৰা অভিযোগ পোৱা গৈছে যে এই প্ৰস্তুতিসমূহ ঔষধ হিচাপে ব্যৱহাৰ কৰাতকৈ মদ্যপানৰ বাবেহে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পোহৰত এই সিদ্ধান্ত লোৱা হৈছে। মন্ত্ৰালয়ৰ মতে, নতুন নিয়ম অনুসৰি অনুমোদিত ঔষধ যোগান ব্যৱস্থাৰ জৰিয়তেহে এনে ঔষধ বিক্ৰীৰ অনুমতি দিয়া হ’ব। ইয়াৰ ফলত প্ৰকৃত ৰোগীয়ে প্ৰয়োজনীয় ঔষধৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰাৰ লগতে অপব্যৱহাৰ ৰোধ কৰিব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ