বিলাসীপাৰাত পুনৰ অবৈধ কাঠ দোকানীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান
ধুবুৰী, ১০ জুলাই (হি.স.)। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশৰ পিছতেই বিলাসীপাৰাত এক্সন মুডত বন বিভাগ। বিলাসীপাৰাত পুনৰ অবৈধ কাঠ দোকানীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। অভিযানত পুৰণি বজাৰত অবৈধ বাবে যুজত ৰখা বহু সংখ্যক মূল্যবান শাল, চেগুন কাঠ জব্
বিলাসীপাৰাত পুনৰ অবৈধ কাঠ দোকানীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান


ধুবুৰী, ১০ জুলাই (হি.স.)। বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশৰ পিছতেই বিলাসীপাৰাত এক্সন মুডত বন বিভাগ। বিলাসীপাৰাত পুনৰ অবৈধ কাঠ দোকানীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। অভিযানত পুৰণি বজাৰত অবৈধ বাবে যুজত ৰখা বহু সংখ্যক মূল্যবান শাল, চেগুন কাঠ জব্দ কৰে বন বিভাগে।শালকোচা আঞ্চলিক বিষয়াৰ নিৰ্দেশত আৰু ৰোকাখাতা খণ্ড বন বিভাগৰ দলে চলাইছিল এই অভিযান। দীৰ্ঘদিন ধৰি পুৰণি বজাৰত একাংশ ব্যৱসায়ীয়ে ঘৰত বিক্ৰীৰ উদ্দেশ্যে অবৈধ বাবে মুজুত কৰি ৰাখিছিল কাঠখিনি। সম্প্ৰতি জব্দ কৃত কাঠখিনি ৰোকাখাতা বন বিভাগৰ কাৰ্যালয়ত ৰাখি তদন্ত অব্যাহত ৰাখিছে বন বিভাগে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande