তেজপুৰৰ পৰা নিৰুদ্দেশ হোৱা পাঁচ কিশোৰীক পৃথকে গুৱাহাটী আৰু মালদাহত উদ্ধাৰ
শোণিতপুৰ, ১০ জুলাই (হি.স.)। তেজপুৰৰ এক নম্বৰ যোৰগড় আৰু কোৰকানি অঞ্চলৰ পৰা পৃথকে নিৰুদ্দিষ্ট হোৱা মুঠ পাঁচগৰাকী কিশোৰীক উদ্ধাৰ কৰা হৈছে ৷ উল্লেখযোগ্য যে,ইয়াৰে ভিতৰত কোৰকানিৰ তিনিগৰাকী কিশোৰী একেলগে সোমবাৰে সন্ধানহীন হয় ৷ ঘটনা সন্দৰ্ভত স্থানীয় বৰঘাট
তেজপুৰৰ পৰা নিৰুদ্দেশ হোৱা পাঁচ কিশোৰীক পৃথকে গুৱাহাটী আৰু মালদাহত উদ্ধাৰ


শোণিতপুৰ, ১০ জুলাই (হি.স.)। তেজপুৰৰ এক নম্বৰ যোৰগড় আৰু কোৰকানি অঞ্চলৰ পৰা পৃথকে নিৰুদ্দিষ্ট হোৱা মুঠ পাঁচগৰাকী কিশোৰীক উদ্ধাৰ কৰা হৈছে ৷ উল্লেখযোগ্য যে,ইয়াৰে ভিতৰত কোৰকানিৰ তিনিগৰাকী কিশোৰী একেলগে সোমবাৰে সন্ধানহীন হয় ৷ ঘটনা সন্দৰ্ভত স্থানীয় বৰঘাট আৰক্ষী চকীত দাখিল হোৱা এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰা বৰঘাট আৰক্ষীয়ে কিশোৰী তিনিগৰাকীৰ ভিতৰত এগৰাকীৰ মোবাইল ফোন ট্ৰেক কৰি মালদাহ ৰে’ল আৰক্ষীৰ স’তে যোগাযোগ কৰে ৷ সেই অনুসৰি মংগলবাৰে মালদাহ ৰে’লষ্টেচনত কিশোৰী তিনিগৰাকীৰ আলোকচিত্ৰৰ সহায়ত চিনাক্ত কৰি উদ্ধাৰ কৰা হয় ৷

তিনিও কিশোৰী স্বইচ্ছাই কেৰেলালৈ যাত্ৰা কৰিছিল বুলি প্ৰকাশ কৰি বৰঘাট আৰক্ষী চকীৰ বিষয়া ৰাজা ইৰছাদে লগতে কয় যে ইতিমধ্যে তিনিও কিশোৰীকে মালদাহৰ পৰা উভতাই আনিবলৈ তেজপুৰৰ পৰা আৰক্ষী মালদাহলৈ গৈছে আৰু তিনিও কিশোৰী কাইলৈ সন্ধিয়া তেজপুৰত উপস্থিত হ’বহি ৷ ইপিনে যোৱা সাত জুলাই এক নম্বৰ যোড়গৰৰ পৰা আন দুগৰাকী কিশোৰী সন্ধানহীন হয় ৷ দুই কিশোৰীক অপহৰণ কৰা বুলি আশংকা ব্যক্ত কৰি পৰিয়ালৰ লোকে বৰঘাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ৷ আনহাতে ঘটনা সন্দৰ্ভত এগৰাকী কিশোৰীৰ কেৰেলাত কৰ্মৰত পিতৃকো অৱগত কৰা হয় ৷

জানিব পৰামতে, যোৱা সাত জুলাইৰ পুৱা প্ৰায় ১০ বজাত ওচৰৰ দোকানলৈ যোৱাৰ পৰাই নাবালিকা দুগৰাকী সন্ধানহীন হৈছিল ৷ আঠ বছৰীয়া আৰু ১৪বছৰীয়া দুই কিশোৰীক পাছত গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ কৰা হয় ৷ ইতিমধ্যে আঠ বছৰীয়া নাবালিকাগৰাকীৰ পিতৃ আব্দুল ফালানো গুৱাহাটীত উপস্থিত হৈছেহি ৷ ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়া ইৰছাদে প্ৰকাশ কৰা অনুসৰি এই ঘটনাটো এক অপহৰণ কাণ্ড বুলি অভিযোগ উঠিলেও আৰক্ষীয়ে চলোৱা তদন্তত এইপৰ্যন্ত তেনে কোনো নিশ্চিত তথ্য উদ্ধাৰ হোৱা নাই য’দিও ঘটনা সন্দৰ্ভত তিনিগৰাকী মহিলা আৰু এজন পুৰুষক সোধপোছ কৰা হৈছে য’দিও কাকো এইপৰ্যন্ত গ্ৰেপ্তাৰ কৰা হোৱা নাই ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে চিচি কেমেৰাৰ দৃশ্যও পৰীক্ষা কৰিছে য’দিও কোনো অপহৰণৰ তথ্য উদ্ধাৰ হোৱা নাই ৷ এই দুই কিশোৰীও কেৰেলালৈকে যোৱাৰ পৰিকল্পনা কৰিছিল বুলি কয় আৰক্ষীয়ে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande