
গুৱাহাটী, ১০ জুলাই (হি.স.)। ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰা হয় । বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি (১০ জুলাই) বিধানসভাত দাখিল কৰে ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট । এখন সুৰক্ষিত, সমৃদ্ধ, বিকশিত অসম গঢ়াৰ লক্ষ্যৰে সদনত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ২০২৬-২৭ বর্ষৰ বাবে ৪১৯.২৬ কোটি টকাৰ ঘাটি বাজেট দাখিল কৰে।
বাজেট প্ৰাককলন পাঠ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, ২০২৬-২৭ বর্ষৰ বাজেট প্রাককলনত ৰাজ্যখনৰ একত্রীকৃত নিধিত মুঠ ১,৫১,৮৪৩.২৩ কোটি টকাৰ প্রাপ্তি প্রদর্শন কৰা হৈছে। ইয়াৰে ১,১৮,৫৬২.২৩ কোটি টকা ৰাজহ শিতানত আৰু বাকী থকা ৩৩২৮১ কোটি টকা মূলধন শিতানৰ প্ৰাপ্ত হব। তেওঁ লগতে কয়, ৰাজহুৱা শিতানত ১৩৪৪৬৬.২২ কোটি টকা আৰু উপনিমিত্ত (Contingency) পুঁজিৰ অধীনত ২০০০ কোটি টকা যোগ হোৱাৰ পিছত সর্বমুঠ আদায়ৰ পৰিমাণ হ'ব ২,৮৮,৩০৯.৪৫ কোটি টকা।
ইয়াৰ বিপৰীতে ২০২৬-২৭ বৰ্ষত ৰাজ্যখনৰ একত্রীকৃত নিধিৰ পৰা সর্বমুঠ ব্যয়ৰ পৰিমাণ ১৫৬৭১৪.৮৮ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। ইয়াৰে ৰাজহ শিতানত ব্যয় আনুমানিক ১১৮৫৬২.২৩ কোটি টকা আৰু মূলধন শিতানত ব্যয় আনুমানিক ৩৮,১৫২.৬৫ কোটি টকা।
একেদৰে ৰাজহুৱা শিতানত হোৱা ব্যয় ১,২৬,৩৬৯.৫৭ কোটি টকা আৰু উপনিমিত্ত (Contingency) পুঁজিৰ অধীনত ২০০০ কোটি টকাৰে বছৰটোৰ সর্বমুঠ প্রাককলিত ব্যয়ৰ পৰিমাণ হ'ব ২৮৫০৮৪.৪৫ কোটি টকা। এইদৰে বছৰটোত হোৱা লেনদেনৰ বাবদ আনুমানিক ৩,২২৫ কোটি টকা ৰাহি হ'ব। ইয়াৰ লগত বছৰটোৰ আৰম্ভণি ঘাটি ৩৬৪৪.২৬ কোটি টকাৰ হিচাপ মিলালে ২০২৬-২৭ বর্ষৰ শেষলৈ বাজেট ঘাটিৰ পৰিমাণ ৪১৯.২৬ কোটি টকা হ'বগৈ। ২০২৬-২৭ বিত্তীয় বর্ষৰ বাজেটত ৰাজ্যৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩ শতাংশ বিত্তীয় ঘাটি লক্ষ্য হিচাপে নির্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া