কাছাৰত ৭.২৩ কেজি নকল সোণ জব্দ
কাছাৰ, ১০ জুলাই (হি.স.)। ৰাজ্যৰ বিভিন্ন স্থানত নকল সোণৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সময়ত এইবাৰ নকল সোণৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ অভিযান। গোপন তথ্যৰ ভিত্তিত শিলচৰৰ শ্ৰীকোণা এলেকাৰ আলামবাগত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ নকল সোণ জব্দ কৰি
কাছাৰত ৭.২৩ কেজি নকল সোণ জব্দ


কাছাৰ, ১০ জুলাই (হি.স.)। ৰাজ্যৰ বিভিন্ন স্থানত নকল সোণৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সময়ত এইবাৰ নকল সোণৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ অভিযান। গোপন তথ্যৰ ভিত্তিত

শিলচৰৰ শ্ৰীকোণা এলেকাৰ আলামবাগত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ নকল সোণ জব্দ কৰিছে। অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক দিলৰাজ পাঠক সহ আৰক্ষীৰ দল এটাই আলামবাগত অভিযান চলাই এজন ব্যক্তিক আটক কৰে।

ধৃত আশীষ ৰয় নামৰ ব্যক্তিজনৰ বাসগৃহত তালাচী চলাই আৰক্ষীয়ে তেওঁৰ জিম্মাৰ পৰা ১১২ টুকুৰা নকল সোণ জব্দ কৰে। জব্দ কৰা সোণ খিনিৰ ওজন ৭.২৩ কে জি বুলি জানিবলৈ দিছে আৰক্ষীয়ে। দীৰ্ঘ দিন ধৰি নকল সোণৰ ব্যৱসায়ৰ সৈতে আশীষ ৰয় জৰিত বুলি দাবী আৰক্ষীৰ। সহজ-সৰল ক্ৰেতা সকলক প্ৰতাৰণা কৰাৰ উদ্দেশ্যে এই বুজন পৰিমাণৰ নকল সোণ খিনি বিক্ৰীৰ বাবে সৰবৰাহ কৰিছিল আশীষ ৰয়ে। নকল সোণ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে নকল সোণৰ বেপাৰী আশীষ ৰয়ক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান শিলচৰ সদৰ থানাৰ ধৃত ব্যক্তিজনক জেৰা অব্যাহত আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande