শোণিতপুৰৰ বালিপৰাত অসম আন্দোলনৰ সৈতে জড়িত প্ৰাক্তন আছু নেতা চহিদুৰ ৰহমানৰ দেহাবসান
শোণিতপুৰ, ১০ জুলাই (হি.স.)। শোণিতপুৰৰ বালিপৰাৰ এসময়ৰ অসম আন্দোলনৰ সৈতে জড়িত নেতা তথা প্ৰাক্তন আছু নেতা এৰাগাঁও দৰ্জিপট্টিৰ সমাজ সেৱক চহিদুৰ ৰহমানৰ আজি পুৱা ৪.৩৫ বজাত নিজ গৃহতে পৰলোকপ্ৰাপ্তি ঘটে। বৰ্তমান শোণিতপুৰ জিলা গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ
শোণিতপুৰৰ বালিপৰাত অসম আন্দোলনৰ সৈতে জড়িত প্ৰাক্তন আছু নেতা চহিদুৰ ৰহমানৰ দেহাবসান


শোণিতপুৰ, ১০ জুলাই (হি.স.)। শোণিতপুৰৰ বালিপৰাৰ এসময়ৰ অসম আন্দোলনৰ সৈতে জড়িত নেতা তথা প্ৰাক্তন আছু নেতা এৰাগাঁও দৰ্জিপট্টিৰ সমাজ সেৱক চহিদুৰ ৰহমানৰ আজি পুৱা ৪.৩৫ বজাত নিজ গৃহতে পৰলোকপ্ৰাপ্তি ঘটে। বৰ্তমান শোণিতপুৰ জিলা গৰীয়া মৰীয়া দেশীয় জাতীয় পৰিষদৰ সভাপতি হৈ থকাৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।

ৰঙাপৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বালিপৰা ব্যৱসায়ী সন্থাৰ কাৰ্যকৰী সভাপতি, জ্যেষ্ঠ নাগৰিক সন্থাৰ শোণিতপুৰ জিলাৰ কাৰ্য্যকৰি সদস্যৰ লগতে বালিপৰা চাৰিদুৱাৰ জেষ্ঠ নাগৰিক সন্থাৰ উপদেষ্টাৰ লগতে বালিপৰা উন্নয়ন সমিতিৰ সহকাৰী সম্পাদক হিচাপে ওত:পোত ভাবে জড়িত আছিল৷ তেখেতৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ চা পৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande