
নতুন দিল্লী, ১০ জুলাই (হি.স.)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ওমানলৈ আনুষ্ঠানিক ভ্ৰমণ কৰি তেওঁৰ সমকক্ষ ছায়েদ বাদেৰ আল বুছৈদীৰ সৈতে শুকুৰবাৰে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত-ওমান কৌশলগত অংশীদাৰিত্বৰ সকলো দিশ পৰ্যালোচনা কৰি পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত মত বিনিময় কৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি শেহতীয়া আঞ্চলিক পৰিস্থিতিৰ সময়ত ভাৰতীয় নাৱিকসকলক শীঘ্ৰে সহায় আগবঢ়োৱাৰ বাবে জয়শংকৰে ওমান চৰকাৰক প্ৰশংসা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ওমানত বসবাস কৰা সজীৱ ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰে আৰু বহুমুখী ভাৰত-ওমান সম্পৰ্কক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অবিৰত অৱদানৰ শলাগ লয়।
উল্লেখযোগ্য যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ৫ জুলাইৰ পৰা ১০ জুলাইলৈ কাটাৰ, বাহৰেইন, কুৱেইট, ওমানলৈ আনুষ্ঠানিক ভ্ৰমণত আছিল।এই ভ্ৰমণে চাৰিওখন দেশৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে আঞ্চলিক উন্নয়ন আৰু পাৰস্পৰিক স্বাৰ্থৰ বিষয়সমূহৰ ওপৰত মত বিনিময়ৰ সুযোগ প্ৰদান কৰিছিল।
এতিয়া ১৩ জুলাইত নিউয়ৰ্ক ভ্ৰমণ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকী। তাত তেওঁ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ২০২৮-২৯ বৰ্ষৰ কাৰ্যকালৰ বাবে ভাৰতৰ আনুষ্ঠানিক প্ৰচাৰ আৰম্ভ কৰিব। ইয়াৰ পিছতে ১৪-১৫ জুলাইত ব্ৰাছেলছত অনুষ্ঠিত হ’বলগীয়া ভাৰত-ইউৰোপীয় ইউনিয়নৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ তৃতীয়খন বৈঠকত অংশগ্ৰহণ কৰি ইউৰোপীয় সংঘ আৰু বেলজিয়ামৰ সমকক্ষসকলৰ সৈতে আলোচনাত মিলিত হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া