মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে বৃহৎ অভিযান চলাই, গাঞ্জা সৰবৰাহকাৰীকে ধৰি দুজন উগ্ৰপন্থী কেডাৰক গ্ৰেপ্তাৰ
ইম্ফল, ১০ জুলাই (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে বিগত ২৪ ঘন্টাত পৃথক পৃথক অভিযানত এজন সন্দেহযুক্ত গাঞ্জা সৰবৰাহকাৰী আৰু দুজন সক্ৰিয় উগ্ৰপন্থী কেডাৰক গ্ৰেপ্তাৰ কৰিছে। প্ৰায় ৩.২ কিলোগ্ৰাম সন্দেহযুক্ত গাঞ্জা উদ্ধাৰ কৰা হৈছে, লগতে অপহৰণ আৰু মুক্
Images of the Manipur Operations.


ইম্ফল, ১০ জুলাই (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে বিগত ২৪ ঘন্টাত পৃথক পৃথক অভিযানত এজন সন্দেহযুক্ত গাঞ্জা সৰবৰাহকাৰী আৰু দুজন সক্ৰিয় উগ্ৰপন্থী কেডাৰক গ্ৰেপ্তাৰ কৰিছে। প্ৰায় ৩.২ কিলোগ্ৰাম সন্দেহযুক্ত গাঞ্জা উদ্ধাৰ কৰা হৈছে, লগতে অপহৰণ আৰু মুক্তিপণৰ গোচৰত ব্যৱহৃত এখন গাড়ীও জব্দ কৰা হৈছে।

আজি প্ৰকাশিত চৰকাৰী তথ্য অনুসৰি নিৰাপত্তা বাহিনীয়ে বিষ্ণুপুৰ জিলাৰ মইৰাং কুমাম লাইকাই নিবাসী এলবাৰ্ট কুমাম (২৮) নামৰ এজন ব্যক্তিক ইম্ফল বিমানবন্দৰত যোৱা ৯ জুলাইত গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পূৰ্বে ইম্ফাল পশ্চিম জিলাৰ চিংজামেই থানা এলেকাৰ চিংগামাখা অইনাম লাইৰাকৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল কেচিপি (নংড্ৰেনখোম্বা)ৰ সক্ৰিয় কেডাৰ বেলা অইনাম (২৫) আৰু ইউএনএলএফ (পি)ৰ সক্ৰিয় কেডাৰ নৱাজ খান (৩২)ক।

তেওঁলোকৰ হাতৰ পৰা এখন মাৰুতি চুজুকি বালেনো গাড়ীও জব্দ কৰা হৈছে। নিৰাপত্তা সংস্থাৰ মতে, দুয়োৰে পূর্বে অপহৰণ আৰু মুক্তিপণৰ গোচৰত জড়িত৷ অধিক তদন্ত অব্যাহত আছে।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande