গৌৰীপুৰৰ আলমগঞ্জ-ফুলকাটাৰী সংযোগী গড়কাপ্তানী পথৰ দুৰাৱস্থা
ধুবুৰী, ১০ জুলাই (হি.স.)। গৌৰীপুৰৰ আলমগঞ্জ-ফুলকাটাৰী সংযোগী গড়কাপ্তানী পথৰ দুৰাৱস্থাই জিয়াতু ভোগাইছে সৰ্বসাধাৰণ ৰাইজক। বিভাগীয় কৰ্তৃপক্ষ আৰু জনপ্ৰতিনিধিৰ চৰম উদাসীনতাৰ ফলত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰো অভিযোগ উঠিছে। ধুবুৰী জিলাৰ গৌৰীপুৰ ব
গৌৰীপুৰৰ আলমগঞ্জ-ফুলকাটাৰী সংযোগী গড়কাপ্তানী পথৰ দুৰাৱস্থা


ধুবুৰী, ১০ জুলাই (হি.স.)। গৌৰীপুৰৰ আলমগঞ্জ-ফুলকাটাৰী সংযোগী গড়কাপ্তানী পথৰ দুৰাৱস্থাই জিয়াতু ভোগাইছে সৰ্বসাধাৰণ ৰাইজক।

বিভাগীয় কৰ্তৃপক্ষ আৰু জনপ্ৰতিনিধিৰ চৰম উদাসীনতাৰ ফলত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰো অভিযোগ উঠিছে।

ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আলমগঞ্জ-ফুলকাটাৰী সংযোগী গড়কাপ্তানী মূল পথচোৱাৰ চৰম জৰাজীৰ্ণ ৰূপে এতিয়া সৰ্বসাধাৰণ ৰাইজক যাতায়ত ক্ষেত্ৰত ভুগিব লগা হৈছে যমৰ যাতনা।

পথচোৱাত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাতবোৰত এজাক বৰষুণ দিলেই পানী জমা হৈ পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হয়।

ফলত এই পথেৰে দৈনিক যাতায়ত কৰা ১ লাখতকৈও অধিক পথচাৰী, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু জৰুৰীকালীন চিকিৎসাৰ বাবে যোৱা ৰোগী সকলে চৰম দুৰ্ভোগৰ সম্মুখীন হ’বলগীয়া হৈছে।

স্থানীয় ৰাইজৰ মতে দায়িত্বজ্ঞানহীন গড়কাপ্তানী বিভাগ আৰু একাংশ জনপ্ৰতিনিধিৰ হেমাহীৰ বাবেই দীৰ্ঘদিন ধৰি এই সমস্যা ভুগি আহিবলগীয়া হৈছে অঞ্চলবাসীয়ে।

উল্লেখ্য যে, উক্ত পথচোৱা এনডিআৰএফ আঁচনিৰ অধীনত পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে ধন আবন্টন দিছিল।

সেই মৰ্মে পূৰ্বৰ বিধায়ক গৰাকীয়ে পথ নিৰ্মাণ কাৰ্যৰ আধাৰশিলাও স্থাপন কৰিছিল।

কিন্তু কামৰ ঠিকা লাভ কৰা ঠিকাদাৰ জনে মাত্ৰ দুই-তিনি গাড়ী শিল-বালি পেলাই কাম বন্ধ কৰি দিয়ে।

দুবছৰ পৰা পথছোৱা জৰাজীৰ্ণহৈ থকাৰ পিছতো ধুবুৰী গড়কাপ্তানী বিভাগ বা স্থানীয় কোনো জনপ্ৰতিনিধিয়ে বিষয়টোক লৈ কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে।

সেয়ে অতি সোনকালে এই জৰাজীৰ্ণ পথছোৱা পুনৰ নিৰ্মান কৰি দিবলৈ চৰকাৰ তথা স্থানীয় বিধায়কৰ ওচৰত দাবী উত্থাপন কৰিছে সৰ্বসাধাৰণ ৰাইজে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande