হিমন্ত চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বাজেটক পৰনিৰ্ভৰশীল বাজেট আখ্যা প্ৰদেশ কংগ্ৰেছৰ
▪️''''বাজেটত অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ কোনো কথাই ভালকৈ উল্লেখ নাই’’ ▪️আজিৰ বাজেটখন ভাষা খটুৱাই লিখা ৰচনাৰ বাদে আন একো নহয়ঃ ৰিপুন বৰা ▪️বাহিৰে ৰং চং, ভিতৰি কোৱাভাতুৰী সদৃশ বাজেটঃ ডাঃ জয়প্ৰকাশ দাস ▪️বিজেপি চৰকাৰৰ দিনত অসমৰ অৰ্থনীতি অনা-অসম
হিমন্ত চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বাজেটক পৰনিৰ্ভৰশীল বাজেট আখ্যা প্ৰদেশ কংগ্ৰেছৰ


▪️''বাজেটত অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ কোনো কথাই ভালকৈ উল্লেখ নাই’’

▪️আজিৰ বাজেটখন ভাষা খটুৱাই লিখা ৰচনাৰ বাদে আন একো নহয়ঃ ৰিপুন বৰা

▪️বাহিৰে ৰং চং, ভিতৰি কোৱাভাতুৰী সদৃশ বাজেটঃ ডাঃ জয়প্ৰকাশ দাস

▪️বিজেপি চৰকাৰৰ দিনত অসমৰ অৰ্থনীতি অনা-অসমীয়াই কুক্ষিগত কৰিছেঃ নীলমণি সেন ডেকা

গুৱাহাটী, ১০ জুলাই (হি.স.)। বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আজি বিধানসভাত দাখিল কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটক এখন ৰচনা আখ্যা দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে । বাজেটখনত কিছুমান আলংকৰিক শব্দ ব্যৱহাৰৰ কৰাৰ বাদে মূল্যবৃদ্ধিকে ধৰি অলেখ সমস্যাত জৰ্জৰিত হৈ থকা অসমৰ জনসাধাৰণৰ বাবে আন একো নাই বুলিও কয় বিৰোধী দলটোৱে । ৰাজীৱ ভৱনত এই সন্দৰ্ভত আয়োজিত এক সংবাদমেলত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাই কয় যে আজি দাখিল কৰা বাজেটখন এখন পৰনিৰ্ভৰশীল বাজেট। ''ইয়াত অসম চৰকাৰৰ নিজস্ব একো নাই। বাজেটৰ মুঠ ধনৰ পৰিমাণৰ ৭০ শতাংশই অসম চৰকাৰৰ নহয়। আগৰ বছৰবোৰৰ দৰে কেন্দ্ৰৰ পৰা নাহিলে এইবাৰো বাজেটখন ফ্লপ মাৰিব।’’-ৰিপুন বৰাই কয়।

পৰনিৰ্ভৰশীল বাজেটখনৰ মাত্ৰ সামান্য অংশহে উন্নয়মূলক কামত খৰছ কৰাৰ কথা বাজেটত কোৱা হৈছে বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে তথ্য সহকাৰে কয়। বাজেটখনক ভোট কিনাৰ বাজেট বুলিও কয় বৰাই। বাজেটখনে অসমৰ ৰাইজৰ কোনো আশা-আকাংক্ষা পূৰণ কৰিব নোৱাৰে বুলি উল্লেখ কৰি বৰাই কয়, ''বাজেটত কেৱল অৰুণোদয় আৰু তেনেধৰণৰ আন আঁচনিৰ ওপৰতহে গুৰুত্ব দিয়া হৈছে। দা-দৰমহা আৰু বাধ্যতামূলক খৰছৰ পিছতে বাজেটৰ সিংহভাগ হিতাধিকাৰীৰ নামত খৰছ কৰিবলৈ চৰকাৰে যো-জা চলাইছে । নিয়মমাফিক উল্লেখৰ বাদে বাজেটত মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, বান-গৰাখহনীয়া ৰোধৰ বাবে কোনো বিশেষ উল্লেখ নথকাটোকো বৰাই দুৰ্ভাগ্যজনক আখ্যা দিয়ে। নিৰ্বাচনৰ পূৰ্বে দিয়া এটাও প্ৰতিশ্ৰুতি পালন কৰাতো বাজেটত দেখা পোৱা হোৱা নাই বুলিও কয় বৰাই। বাজেটখনক বিত্তমন্ত্ৰীয়ে 'অষ্টাদশ মুকুতাৰ উন্নয়নী মালা’ নাম দিয়াটোকো হাস্যকৰ আখ্যা দিছে কংগ্ৰেছে ।

ভাষা-শব্দৰ মায়াজালেৰে মানুহক সন্মোহিত কৰিবলৈ অপচেষ্টা চলোৱা বুলি উল্লেখ কৰি বৰাই কয় যে ধুনীয়া নাম দিলেই, ৰচনা লিখিলেই মিছা কথাৰে ভৰি থকা বাজেটখন ভাল বাজেট হৈ নাযায়। তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰথমটো কাৰ্যকালত বছৰি ১ লাখ নিযুক্তি দিয়াৰ কথা কৈ ৫ বছৰতো ১ লাখ নিবনুৱাক সম্পূৰ্ণকৈ নিযুক্তি দিয়াত ব্যৰ্থ হোৱা চৰকাৰখনে উন্নয়নী মালা বুলি কৈ ৮ মাহতে ২ লাখ নিবনুৱাক সংস্থাপন দিম বুলি কোৱা কথাটো ভুৱা প্ৰতিশ্ৰুতিৰ বাদে আন একো নহয়। ''যোৱা ৫ বছৰত এডিআৰইৰ যোগেদি ৯৭ হাজাৰ নিযুক্তি দিয়াৰ কথা জানিব পৰা গৈছে। কিন্তু এজন প্ৰাৰ্থীয়েই ৩-৪টা বিভাগৰ চাকৰিৰ বাবে যোগ্য বিবেচিত হৈছে। সেইটোকো তেওঁলোকে পৃথক পৃথক বুলি দেখুৱাই সংখ্যা বৃদ্ধি কৰিছে। গতিকে প্ৰকৃত সংখ্যা আৰু কম হোৱাতো নিশ্চিত। এনেদৰে যোৱা ৫ বছৰত আভুৱা ভাৰি এইবাৰো নতুনকৈ কণা হাঁহক পতান দিবলৈ চৰকাৰখন সাজু হৈছে।’-বৰাই স্পষ্ট কৰি দিয়ে।

চেনিৰ প্ৰলেপ লগোৱা শৰীৰৰ বাবে অপকাৰী মিঠাইৰ দৰে বাজেটখনত মানুহে শুনি ভাল লগাকৈ ধুনীয়া ধুনীয়া শব্দ ব্যৱহাৰ কৰাৰ কথাটো উনুকিয়াই দি বৰাই চৰকাৰক তীব্ৰ কটাক্ষ কৰে। যিখন ৰাজ্যৰ গাঁৱে-ভূঞে কোটি কোটি লোক সমস্যাত ভাৰাক্ৰান্ত হৈ পৰিছে, এজাক বৰষুণতে গুৱাহাটীৰ সৰ্বত্ৰে পানী আৰু পানী হৈ পৰিছে, বান-খহনীয়াত ঘৰ-দুৱাৰ উটি গৈছে সেইখন ৰাজ্যত সৰ্বাংগীণ আৰু কল্যাণমুখী সেৱাৰ ভাগীৰথী যাত্ৰা আদিৰ দৰে শব্দবোৰ কেৱল ভাষণত শুনিহে ভাল লাগে বুলিও বৰাই মন্তব্য কৰে । একেদৰে, সঘন লোডশ্বেডিং, বিদ্যুৎ মাচুল বৃদ্ধিৰ পিছত শক্তিখণ্ডত অসম কেনেকৈ আত্মনিৰ্ভৰশীল হৈছে বুলিও প্ৰশ্ন কৰে বৰাই।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ দৰে চিকিৎসালয়ত ভুল চিকিৎসা, নৱজাতকৰ মৃত্যু হোৱাৰ দৰে ঘটনা সঘনাই সংঘটিত হোৱাৰ পিছত ৰাজ্যখন স্বাস্থ্যখণ্ডত আগুৱাই গৈছে বুলি ক’লেও কোনেও বিশ্বাস নকৰে বুলিও বৰাই কয়। তেওঁ আৰু কয় যে ড্ৰপআউট, বিদ্যালয় বন্ধ, ৩০ হাজাৰ শিক্ষকৰ পদ খালী হৈ থকাৰ পিছত বিকশিত শিক্ষাৰ কথা কোৱাতো হাস্যকৰ। ছেমিকণ্ডাক্টৰক বাদ দি বিনিয়োগৰ ক্ষেত্ৰত যোৱা ৫ বছৰত অসমখনত কোনে বিনিয়োগ কৰিছে বুলিও বৰাই প্ৰশ্ন কৰে। আদানি-আম্বানিক লৈ মুখ্যমন্ত্ৰীয়ে দিনদিয়েক পূৰ্বে কৰা মন্তব্যকো ওভতি ধৰে বৰাই। ''আদানি-আম্বানি যদি নাহেই তেন্তে মাটিবোৰ কিয় দিয়া হৈছে? ছিৰিয়াখানাৰ জন্তু কিয় আম্বানিক দিয়া হৈছে।’’-বৰাৰ প্ৰশ্ন। বাজেটত ঋণৰ পৰিমাণ, কিমান ধন ঋণৰ বাবদ পৰিশোধ কৰিব লাগিব সেইবোৰৰ স্পষ্ট উল্লেখ নথকাটোও ৰহস্যজনক বুলি কয় বৰাই। বাজেটত যিদৰে সকলো ধাৰ্য কৰা হৈছে আৰু কেন্দ্ৰৰ পৰা ধন আহিব বুলি দেখুওৱা হৈছে তেন্তে মাহে মাহে কিয় ঋণ ল’বলগীয়া হৈছে বুলিও বৰাই চৰকাৰক ওভতি ধৰে। কেগৰ প্ৰতিবেদনত বিগত ৫টা বছৰৰ বাজেটৰ জালিয়াতি স্পষ্টকৈ ধৰা পৰাৰ কথাও সংবাদমেলত উল্লেখ কৰে। এইবাৰৰ বাজেটখনো এখন ভুৱা বাজেট বুলিও বৰাই মন্তব্য কৰে।

সংবাদমেলত অংশগ্ৰহণ কৰি বিধানসভাৰ বিৰোধী উপ-দলপতি ডা° জয়প্ৰকাশ দাসেও বাজেটখনৰ কেবাটাও গুৰুত্বপূৰ্ণ ক্ৰটি আৰু জনবিৰোধী দিশৰ কথা উনুকিয়াই দিয়ে। বাজেটখনক বাহিৰে ৰং চং, ভিতৰি কোৱাভাতুৰী বুলিও কয় জয়প্ৰকাশ দাসে। বিদেশী ভাষা শিকাই বাঃ বাঃ ল’ব খোজা চৰকাৰখনে বড়ো, কাৰ্বি, মিচিং আদি স্থানীয় ভাষা শিকোৱাৰ ক্ষেত্ৰত কি পদক্ষেপ লোৱা হৈছে সেই কথা বাজেটত কিয় নাই বুলিও প্ৰশ্ন কৰে ডাঃ দাসে। আনহাতে, প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই কয় যে অসম চৰকাৰে আঁচনিৰ জৰিয়তে হিতাধিকাৰী সৃষ্টিত গুৰুত্ব দিয়াৰ লগতে সুৰাপায়ী বৃদ্ধি কৰিবলৈকো উঠি-পৰি লাগিছে। বিজেপি চৰকাৰখনক প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে দাবী-ধমকিৰ চৰকাৰ বুলিও কয়। তেওঁ আৰু কয় যে বিজেপি চৰকাৰৰ দিনত অসমখনৰ অৰ্থনীতি অনা-অসমীয়াই কুক্ষিগত কৰিছে। এনে এখন চৰকাৰৰ বাজেটৰ পৰা জনসাধাৰণে আশা আৰু আশাৰ বাদে আন একো নাপাই বুলিও কয় প্ৰাক্তন মন্ত্ৰী ডেকাই। এইবাৰৰ বাজেটখনক অসমৰ ইতিহাসৰ আটাইতকৈ নিকৃষ্ট বাজেট বুলিও কয় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, আজিৰ সংবাদমেলখনৰ আঁত ধৰে প্ৰাক্তন সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপদেষ্টা আব্দুল খালেকে।

---------------

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande