ৰঙিয়াৰ খন্দিকৰত জোৱাইকে হত্যা কৰিলে নিজ খুলশালীক
কামৰূপ, ১০ জুলাই (হি.স.)। ৰঙিয়াৰ খন্দিকৰত জোৱাইকে হত্যা কৰিলে নিজ খুলশালীক। পৰিয়ালকেন্দ্ৰিক সংঘাতৰ কৰুণ পৰিণতি। ভিনিয়েক দুলদুল আলীয়ে পত্নী,শাহু মাকৰ সৈতে মিলি মৰিয়াই মৰিয়াই হত্যা কৰিলে মইনুদ্দিন আলী নামৰ ৩২ বছৰীয়া যুৱকক । সংকটজনক অৱস্থাত চিক
ৰঙিয়াৰ খন্দিকৰত জোৱাইকে হত্যা কৰিলে নিজ খুলশালীক


কামৰূপ, ১০ জুলাই (হি.স.)। ৰঙিয়াৰ খন্দিকৰত জোৱাইকে হত্যা কৰিলে নিজ খুলশালীক। পৰিয়ালকেন্দ্ৰিক সংঘাতৰ কৰুণ পৰিণতি। ভিনিয়েক দুলদুল আলীয়ে পত্নী,শাহু মাকৰ সৈতে মিলি মৰিয়াই মৰিয়াই হত্যা কৰিলে মইনুদ্দিন আলী নামৰ ৩২ বছৰীয়া যুৱকক । সংকটজনক অৱস্থাত চিকিৎসালয়লৈ আনি থকা অৱস্থাত মৃত্যু হয় মইনুদ্দিনৰ। ঘটনাৰ মূল অভিযুক্ত দুলদুল আলীৰ পলায়ন।

ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে স্থানীয় কাউৰবাহা আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আটক হৈছে হত্যাকাণ্ডৰ সৈতে জড়িত তিনিজন অভিযুক্ত ক্ৰমে ময়াতুন নেছা আৰু নছিৰণ বেগম আৰু জেছমিন বেগম। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande