
শিৱসাগৰ, ১০জুলাই (হি.স.)। ৰাজ্য খনৰ উপৰিও সমগ্ৰ দক্ষিণ পূব এছিয়াৰ ভিতৰতে এগৰাকী উল্লেখযোগ্য বুৰঞ্জীবিদ হিচাপে বিখ্যাত পদ্মশ্রী ডঃ যোগেন্দ্ৰ নাথ ফুকনৰ অভিনন্দন গ্ৰন্থ, প্ৰবন্ধ সংকলন উন্মোচন তথা অভিনন্দন অনুষ্ঠান শুক্ৰবাৰে আয়োজন কৰা হয়।
পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয়।
ড০ যোগেন্দ্ৰ নাথ ফুকনৰ জীৱনজোৰা কৃতিত্ব আৰু কৰ্মৰাজি স্মৰণ কৰি আয়োজন কৰা এই অনুষ্ঠানত বোধিদ্ৰুম শীৰ্ষক অভিনন্দন গ্ৰন্থ আৰু এক প্ৰৱন্ধ সংকলন উন্মোচন কৰা হয়।
পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সভাপতি অতুল ফুকনৰ পৌৰাহিত্যত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বুৰঞ্জীবিদ ড০ দয়ানন্দ বৰগোহাঞি, ড০ নিৰোদ বৰুৱা, ড০ পূণ্যধৰ গগৈ, ড০ ৰমেশ বৰপাত্ৰগোহাই, যোগেশ মহন, তিলেশ্বৰ মহনকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা